Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

খ্যাতনামা বিজ্ঞানী অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ এআৰএনইফ প্ৰধানমন্ত্ৰী প্ৰফেছৰশ্বিপ লাভ গৱেষণাৰ ক্ষেত্ৰত অন্য এক সফলতা


 

গুৱাহাটী, ডিচেম্বৰ ৬ : অসমৰ তথা ভাৰতৰ খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীয়ে সন্মানীয় এএনআৰএফ প্ৰধানমন্ত্ৰী প্ৰফেছৰশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত গৱেষণা শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰীয় পৰিকল্পনাৰ কথা আনুষ্ঠানিকভাৱে জাননী জাৰী কৰি অনুসন্ধান নেচনেল ৰিচাৰ্চ ফাউণ্ডেচনৰ (ANRF)ৰ ড° শিৱকুমাৰ কল্যানৰমনে ৫ ডিচেম্বৰ, ২০২৫ তাৰিখে এই ঘোষণা কৰে। এই প্ৰধানমন্ত্ৰী প্ৰফেছৰশ্বিপৰ উদ্দেশ্য হৈছে দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী, অভিজ্ঞ গৱেষক আৰু উদ্যোগ বিশেষজ্ঞসকলক গৱেষণামুখী বিশ্ববিদ্যালয়সমূহত নিযুক্ত কৰা।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত সাফল্য সন্দৰ্ভত শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি উল্লেখ কৰে যে, "এই প্ৰফেছৰশ্বিপ কেৱল ব্যক্তিগত সন্মান নহয়, ই উত্তৰ-পূব ভাৰতৰ গৱেষণামুখী দিশৰ ওপৰত এক গভীৰ বিনিয়োগ। অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ দৰে অভিজ্ঞ বিজ্ঞানীয়ে বিশ্ববিদ্যালয়ত গৱেষণা কৰিলে জলবায়ু আৰু পৰিৱেশ বিজ্ঞানৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্ৰসমূহে অধিক গতি লাভ কৰিব। এই নিযুক্তিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা, আৰু উদ্ভাৱনৰ এক স্থায়ী সংস্কৃতি গঢ় লৈ উঠাত অনুপ্ৰেৰণা যোগাব তথা এই নিযুক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শক্তিশালী গৱেষণাৰ প্ৰতিচ্ছবিৰ এক প্ৰতিফলন।”

উল্লেখযোগ্য যে দেশৰ শীৰ্ষ বিজ্ঞানী, জ্যেষ্ঠ অধ্যাপক আৰু বহুতো ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পূৰ্বৰ পৰিচালকক এই প্ৰফেছৰশ্বিপ দিয়া হৈছে। দেশজুৰি গৱেষণাৰ সুযোগ সমানভাৱে বন্টন কৰিবলৈ এই উদ্যোগক অতি গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয়। ২০ হাজাৰৰো অধিক উদ্ধৃতি আৰু ৬০টা h-index থকা অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ এই সফলতা গুৱাহাটী বিশ্ববিদ্যালয় তথা অসমৰ বাবে গৌৰৱৰ বিষয়।

No comments

Powered by Blogger.