Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল


 

সোণিত, ২২ ডিচেম্বৰ ২০২৫: দৰং জিলাৰ সোণিতত অৱস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত আত্মজ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ সৈতে উপস্থিত থাকি শিক্ষাৰ্থীসকলক ডক্টৰেট ডিগ্ৰী, বিভিন্ন শাখাত স্নাতকোত্তৰ ডিগ্ৰী আৰু উৎকৃষ্টতাৰ বাবে সোণৰ পদক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

তদুপৰি, সত্ৰীয়া নৃত্যৰ প্ৰখ্যাত সাধক, পদ্মভূষণ সন্মানৰ বিভূষিত, নৃত্যাচাৰ্য শ্ৰী যতীন গোস্বামীদেৱক সন্মানীয় ডক্টৰেট ডিগ্ৰী (Honoris Causa) প্ৰদান কৰা হয়।

ভাৰত এখন ৰুৱপ্ৰধান দেশ। অমৃতকালত এখন বিকশিত আৰু আত্মনির্ভৰ অসম তথা ভাৰত গঢ়াৰ অভিযানত শিক্ষাৰ্থীসকলৰ সুদূৰপ্ৰসাৰী ভূমিকা আছে। সেইহে গুণগত আধুনিক শিক্ষাৰ সমান্তৰালকৈ আধ্যাত্মিক শিক্ষাৰো উন্নয়ন হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনালে আৰু সকলোকে আন্তৰিক অভিনন্দন জনালে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আমাৰ সৈতে উপস্থিত থাকে গুৰুকৃষ্ণ শ্ৰীশ্ৰী প্ৰেমানন্দ প্ৰভু, ভক্তিমাতৃ তথা কৃষ্ণগুৰু ফাউণ্ডেশ্যন ট্ৰাষ্টৰ অধ্যক্ষা শ্ৰীমতী কুন্তলা পাৰৱাৰী গোস্বামী ডাঙৰীয়ানী, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মোহন চন্দ্ৰ কলিতা প্ৰমুখ্যে বহু মান্য ব্যক্তিসকল।


 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আত্মজ ভাষণ প্ৰসংগত কয়, “পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ সান্নিধ্যত বহু কথা শিকিছোঁ। সমাজ, মানৱ, জীৱ-জন্তু, প্ৰকৃতি আদিৰ বিষয়ে গুৰুজনে আমাক অমূল্য জ্ঞান দিছে। বিশ্ব শান্তি, মানৱতা, আধ্যাত্মিকতা আৰু একতাৰ বাবে গুৰুজনে যি প্ৰচেষ্টা চলাইছে, তাক এই বিশ্ববিদ্যালয়ে নতুন মাত্ৰা দিছে। মই ৰাজহুৱা জীৱনত যিমান সমাজসেৱাৰ কাম কৰিছোঁ, সেই সকলো কামতেই গুৰুজানক স্মৰণ কৰি কৰিছোঁ। জীৱনৰ প্ৰতিটো পদক্ষেপতে গুৰুজানৰ বাণীয়ে মোক শক্তি আৰু সাহস দিয়ে। এই গুৰুত্বপূৰ্ণ মুহূৰ্তত মই গুৰুজানক কোটি কোটি প্ৰণাম জনাইছোঁ। আত্মজ এই অনুষ্ঠানত উপস্থিত থাকি নৃত্যাচাৰ্য যতীন গোস্বামীদেৱে শান্তি, সংস্কৃতি, মানৱতা, সৰলতা আৰু জ্ঞানৰ পোহৰেৰে আমাক সকলোকে আলোকিত কৰিছে। এই অনুষ্ঠানত উপস্থিত থাকি আমাক বিশেষভাৱে কৃতাৰ্থ কৰাৰ বাবে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱক বিশেষ ধন্যবাদ জনাইছোঁ।

সোনোৱালে কয়, “পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা হৈছিল। এই অঞ্চলটো এক সময়ত পিছপৰা আছিল। এনে অঞ্চলত এক শক্তিশালী সভ্যতা গঢ়ি তোলাটো সহজ কথা নহয়। আত্মজ সেই সভ্যতাই সমাজক পোহৰ দিছে। এই শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী লাভ কৰা নৱপ্ৰজন্মৰ ওপৰত বিশেষ দায়িত্ব আছে। আত্মজ ভাৰতক ৰুৱশক্তি হিচাপে আগবঢ়াই নিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যি দৃষ্টিভংগী আগবঢ়াইছে, সেয়া অনুধাৱন কৰি মূল্যায়ন কৰা প্ৰয়োজন। ভাৰত আত্মজ বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যাৰ দেশ। এই যুৱশক্তিয়ে ভাৰতক এক মহাশক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰে। এই বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলে যি যি ক্ষেত্ৰতেই আত্মপ্ৰতিষ্ঠা কৰক, তেওঁলোকৰ আচৰণ আৰু চাৰিত্ৰিক মূল্যবোধত এই প্ৰতিষ্ঠানৰ পৰিচয় প্ৰতিফলিত হ’ব।”


 

আনহাতে, অনুষ্ঠানৰ অন্তিম ভাষণত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়, “আধ্যাত্মিকতা মানে সংস্কাৰ। সমাজ আৰু দেশ সংস্কাৰ কৰিবলৈ হলে প্ৰথমে নিজকে সংস্কাৰ কৰিব লাগিব। ইয়াত উপস্থিত নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলে এই কথা হৃদয়ঙ্গম কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। অতীতৰে পৰা ভাৰতৰ শিক্ষানুষ্ঠানসমূহ জ্ঞান আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰ আছিল। আধ্যাত্মিকতাৰ সৈতে ব্যক্তিত্ব গঢ়াৰ শিক্ষা দিয়া এই পৰম্পৰা আজি পুনৰ শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ প্ৰয়োজন। ৯৩ বছৰ বয়সতো নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ সক্ৰিয়তা সত্যই অনুপ্ৰেৰণা যোগায়। তেওঁক সন্মান প্ৰদান কৰাৰ জৰিয়তে এই বিশ্ববিদ্যালয় নিজেই সন্মানিত হৈছে বুলি মই বিশ্বাস কৰোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ভাষণত থকা সৰলতা আৰু গভীৰতাই এই অনুষ্ঠানক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।”

No comments

Powered by Blogger.