Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি অধ্যয়ন বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত মাহেকীয়া ডিজিটেল সংবাদ পত্ৰিকা উন্মোচন।


 

গুৱাহাটী, ৫ ডিচেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ গোট ফক স্কেপ (Folk Scape)ৰ উদ্যোগত আজি এখন মাহেকীয়া ডিজিটেল সংবাদ পত্ৰিকা (Newsletter) উন্মোচন কৰা হয়। এই সংবাদ পত্ৰিকাখন উন্মোচন কৰে বিভাগীয় মুৰব্বী পদ্মশ্ৰী প্ৰফেছৰ অনিল কুমাৰ বড়োৱে।মাহিলী সংবাদ পত্ৰিকাখনৰ প্ৰথম সংখ্যাৰ সম্পাদনা ৰুণজুন দেৱীৰ ।

 ২৫ পৃষ্ঠাৰ এই বহুমুখী পত্ৰিকাখনত বিভাগীয় বাতৰিৰ লগতে কেইবাটাও তথ্য সমৃদ্ধ প্ৰবন্ধ, কবিতা আৰু ফটো সংকলিত কৰা হৈছে। ফক স্কেপ গোটৰ এই উদ্যোগে লোক সংস্কৃতি গৱেষণাৰ ক্ষেত্ৰখনত ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনশীলতা আৰু বিদ্যায়তনিক দক্ষতা প্ৰদৰ্শনৰ এক নতুন মঞ্চ সৃষ্টি কৰিছে। 

এই মাহেকীয়া ডিজিটেল সংবাদ পত্ৰিকাই বিভাগৰ শৈক্ষিক কাৰ্যসূচী, গৱেষণা আৰু সাংস্কৃতিক কৰ্মৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে লোক সংস্কৃতিৰ বিভিন্ন দিশ আলোচনা কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাৰ্য কৰি যাব বুলি আশা কৰা হৈছে। প্ৰথম সংখ্যাটোৰ সফল প্ৰকাশে এই নতুন উদ্যোগৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ উৎসাহ আৰু প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।

No comments

Powered by Blogger.