পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি
গুৱাহাটী,৩১ডিচেম্বৰ আজি বছৰটোৰ অন্তিমটো দিন।পুৰণি বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি ।আৰু কেইটামান ঘণ্টাৰ পাছতে বিদায় ল'ব ২০২৫বৰ্ষ।পুৰণি বৰ্ষকে বিদায় দি সকলোৱে আদৰি ল'ব নতুন বৰ্ষ ২০২৬ক।পুৱাৰে পৰা মাছৰ বজাৰে গ্ৰাহকৰ ভিৰ ।বজাৰৰ পৰা মাছ -মঙহ কিনি সকলোৱে আজি লগে ভাগে এসাজ খাবলৈ চলাইছে ব্যাপক আয়োজন।
উজান বজাৰৰ মাছৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ ।পছন্দৰ মাছ কিনিবলৈ পুৱাই বজাৰত গ্ৰাহকৰ ভিৰ।উজান বজাৰৰ বিখ্যাত মাছ বজাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মাছ আহে।মাছ কিনিবলৈ প্রচণ্ড শীতৰ মাঝতে পুৱাই মাছ কিনিবলৈ ওলাই আহিছে ৰাইজ।
ইফালে মাছৰ লগত মঙহ কিনিবলৈ দোকানত গ্ৰাহকৰ ভিৰ।বছৰৰ অন্তিমটো দিনত সকলোকে লগে ভাগে এসাজ খাবলৈ চলাইছে ব্যাপক প্ৰস্তুতি।

No comments