জুবিন গাৰ্গলৈ কণ্ঠশ্ৰী উপাধি প্ৰদান জালুকবাৰীৰ জনকল্যাণ সমাজৰ
গুৱাহাটী ,৬ ডিচেম্বৰ : বৃহত্তৰ জালুকবাৰী অঞ্চলৰ পাণ্ডু সদিলাপুৰ জনকল্যাণ সমাজৰ ফালৰ পৰা অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ কণ্ঠশ্ৰী উপাধি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উপলক্ষে দুই ডিচেম্বৰত কাৰ্যালয় প্ৰাংগণত সমাজৰ সভাপতি হৃষিকেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত বৃহত্তৰ জালুকবাৰী অঞ্চলৰ যুৱক - যুৱতীকে ধৰি বহুসংখ্যক জুবিন অনুৰাগী ৰাইজ উপস্থিত হৈ অসমৰ হিয়াৰ আমঠু প্ৰাণৰ জুবিন গাৰ্গৰ স্মৃতিচাৰণ কৰাৰ লগতে সকলোৱে সমবেত হৈ জুবিনৰ কালজয়ী মায়াবিনী গীতটো পৰিবেশন কৰে ।
সভাত সভাপতি হৃষিকেশ দাসকে ধৰি কেবাজনো বক্তাই কয় যে আমি অসম আৰু অসমীয়াই জুবিন গাৰ্গক জীয়াই থাকোঁতে বুজি নাপালো । আমি জুবিনক মৰম আৰু সন্মান দিব নাজানিলো তাৰ বাবে আমি অসমবাসী ৰাইজ অতিশয় দুঃখিত। সেয়ে আমি বৃহত্তৰ জালুকবাৰী আঞ্চলিক ৰাইজে জুবিনলৈ কণ্ঠশ্ৰী উপাধি প্ৰদান কৰিলো। আজিৰ পৰা আমি সকলো অসমবাসীয়ে 'কণ্ঠশ্ৰী জুবিন গাৰ্গ' নামেৰে সন্মান প্ৰদৰ্শন কৰি নামাকৰণ কৰিবলৈ অনুৰোধ জনালোঁ।

No comments