গুৱাহাটী বিশ্ববিদ্যালয়ত চাইবাৰ হাইজিন ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম সম্পন্ন
গুৱাহাটী, ডিচেম্বৰ ৪, ২০২৫ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ চেল আৰু অসম পুলিচৰ সহযোগিতাত ৩ ডিচেম্বৰ, ২০২৫ তাৰিখে ডিজিটেল সুৰক্ষাৰ ক্ষেত্ৰত দক্ষতা বিকাশত অধিক গুৰুত্ব প্ৰদান কৰাৰ উদ্দেশ্যেৰে Cyber Hygiene Internship Programme ৰ আয়োজন কৰা হয়।
ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতিয়ে আঁতধৰা উক্ত অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, "ডিজিটেল যুগত চাইবাৰ সুৰক্ষা সচেতনতা কোনো বিকল্প নহয়, ই আৱশ্যকীয়।শিক্ষাৰ্থীসকলক ডিজিটেল যুগত সতৰ্ক, জ্ঞানসমৃদ্ধ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াটো অতীৱ প্ৰয়োজনীয়। এই ধৰণৰ কাৰ্যসূচীয়ে বিশ্ববিদ্যালয়ৰ শিক্ষামূলক দৃষ্টিভংগীক অধিক আধুনিক, সক্ষম আৰু সময়োপযোগী কৰি তোলে।”
উদ্বোধনী অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথ, আইপিএছ বিবেক ৰাজ সিং (IGP Training & Armed Police) উপস্থিত থাকে।
আইপিএছ বিবেক ৰাজ সিঙে নিজৰ ভাষণত উল্লেখ কৰে যে, "ডিজিটেল যুগত সুৰক্ষা মানে কেৱল প্ৰযুক্তিৰ ব্যৱহাৰ নহয়, ই হৈছে সচেতনতা আৰু দায়িত্ববোধৰ পৰিচয়। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীয়ে নিজৰ লগতে সমাজকো সুৰক্ষিত কৰিব পাৰে।”
অনুষ্ঠানৰ অন্য বিশেষ কাৰ্যসূচীত এপিএছ শ্ৰীমতী গীতাঞ্জলি দলে (Addl. SP, CID), শ্ৰী শিখৰ দ্বিবেদী (Security Consultant, India Future Foundation), শ্ৰীমতী শালিনী ৰাথোৰ (People & Culture Head, India Future Foundation), শ্ৰীদীপক দাস (ACP Cyber Crime, Police Commissionerate, Guwahati) সমন্বিতে বিশিষ্ট বিশেষজ্ঞসকল উপস্থিত থাকে।
বিশেষজ্ঞসকলে চাইবাৰ চিকিউৰিটীৰ বিভিন্ন দিশ তথা সেইবোৰৰ পৰা কেনেকৈ নিজকে নিৰাপদ ৰাখিব পাৰি নিজৰ দৈনন্দিক জীৱনত চলিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ ২৫০ তকৈ অধিক অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।


No comments