Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন সংহত টার্মিনেলৰ উদ্বোধনী কৰে মাননীয় প্ৰধানমন্ত্ৰী শ্রীনৰেন্দ্র মোদী—




 গুৱাহাটী  ২০ ডিসেম্বৰ অসমৰ উন্নয়নৰ উদযাপনৰ উপলক্ষত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ স্মৰণ কৰে।

উদ্ধোধনী অনুষ্ঠানে তেখেতে কয় যে মই জানিবলৈ পাই সুখী হৈছোঁ যে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে বিবেচিত হৈছে। তদুপৰি ৫০ লাখতকৈও অধিক স্মাৰ্ট মিটাৰ স্থাপন কৰি অসমে এক নতুন অভিলেখ ৰচিছে।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে তেখেতৰ ভাষণত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱক শ্ৰদ্ধাঞ্জলি জনায় আৰু লগতে তেওঁ অসমবাসীক নতুন টাৰ্মিনেলটোৰ বাবে অভিনন্দন জ্ঞাপন কৰে, যিয়ে ১.৩ কোটি যাত্ৰীক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে।
পূর্বৰ চৰকাৰে বিমানবন্দৰ, ঘাইপথ আদি নতুন আন্ত:গাঁথনি নির্মাণৰ দিশত উপেক্ষিত অসমত আজি উন্নয়নৰ নতুন ঢৌৰ আত্মপ্রকাশ কৰিছে।

 আজি অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কোনো উপঢৌকন নিদিয়াকৈ আৰু কোনো ধৰণৰ চিনাকি-সম্পৰ্ক অবিহনে চৰকাৰী চাকৰি লাভ কৰিছে।

মাননীয় প্ৰধানমন্ত্ৰীয়ে নতুন টাৰ্মিনেলে কেনেদৰে বাৰ্ষিক ১.৩ কোটি যাত্ৰী নিয়ন্ত্রণ ক্ষমতাৰে সমৃদ্ধ হ'ব আৰু ইয়াক বহনক্ষমতাৰ প্ৰচাৰৰ বাবে গছ-গছনি আৰু বাঁহৰ ব্যাপক ব্যৱহাৰেৰে প্ৰাকৃতিকভাৱে মনোমোহা ধৰণে ডিজাইন কৰা হৈছে, এই দিশত আলোকপাত কৰে।

গুৱাহাটী বিমানবন্দৰৰ বিশাল-আটকধুনীয়া টাৰ্মিনেলটো বাঁহৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰা হৈছে, কিন্তু পূৰ্বৰ চৰকাৰৰ সময়ত বাঁহ কটাৰো অনুমতি দিয়া হোৱা নাছিল।

অসম বিভিন্ন খণ্ডত বিকশিত ভাৰতৰ ইঞ্জিন হিচাপে বিবেচিত হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত সেতুসমূহে অসমলৈ উন্নয়নৰ নতুন জোৱাৰ কঢ়িয়াই আনিছে। স্বৰাজোত্তৰ ছটা দশকত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন সেতু আছিল, কিন্তু যোৱা এটা দশকতে আমি চাৰিখন সেতু নিৰ্মাণ কৰিছোঁ আৰু কেইবাখনৰো নিৰ্মাণ অব্যাহত আছে।

 অসমে হিংসাৰ পথ ত্যাগ কৰি উন্নয়নৰ পথ বাছি লৈছে। পূৰ্বতে যিসমূহ অঞ্চল হিংসাৰে জর্জৰিত আছিল, সেই অঞ্চলসমূহ আহি থকা দিনবোৰত ঔদ্যোগিক কৰিড'ৰ হিচাপে গঢ় লৈ উঠিব।

 মাননীয় প্রধানমন্ত্রীয়ে অসমক পূব পাকিস্তানৰ সৈতে একত্ৰিত হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে স্মৃতি সুঁৱৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ উন্নয়নক পথচ্যুত হোৱাৰ পৰা আমি বাধা প্রদান কৰিব লাগিব   মাননীয় প্রধানমন্ত্রীয়ে ‘বন্দে মাতৰম’ৰ ধ্বনিৰে সাৰুৱা বক্তব্যৰ সামৰণি মাৰে।

No comments

Powered by Blogger.