Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত ইষ্টাৰ্ণ হিমালয়ান নেচাৰনমমিকচ ফ'ৰাম ২০২৫ অনুষ্ঠান সম্পন্ন


 
গুৱাহাটী, ডিচেম্বৰ ১১, ২০২৫ : বিশ্বৰ তৃতীয় মেৰু আৰু হিম সাগৰৰ ভৱিষ্যত বিষয়ক লৈ দেশৰ আগশাৰীৰ প্রাকৃতিক সংস্থা বালিপৰা ফাউণ্ডেশ্যনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ১০ ডিচেম্বৰ, ২০২৫ তাৰিখৰ পৰা অন্য প্ৰতিষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত ১৩ সংখ্যক ইষ্টাৰ্ণ হিমালয়ান নেচাৰনমমিকচ ফ'ৰাম ২০২৫ সফলতাৰে সম্পন্ন হয়। দুদিনত উক্ত অনুষ্ঠানত সংৰক্ষণ, বিজ্ঞান, শাসন, উদ্যোগ আৰু তৃণমূল পৰ্যায়ৰ সম্প্ৰদায়ৰ আগশাৰীৰ চিন্তাবিদসকলে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে। 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই আদৰণি ভাষণত বহনক্ষম ভূমিৰ ভৱিষ্যত বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে, "ভৱিষ্যত প্ৰজন্মৰ বাবে হিমালয়ক সংৰক্ষণ কৰিবলৈ বৰ্তমান সময়ত দূৰদৰ্শী আৰু দায়বদ্ধ নেতৃত্ব আটাইতকৈ গুৰুত্বপূৰ্ণ। কেৱল GDP কেন্দ্ৰিক বৃদ্ধি বা ক্ষমতা-কেন্দ্ৰিক শাসনেই সৰ্বোচ্চ নহয়, আজিৰ যুগত মানৱ-কল্যাণ, ন্যায়ভিত্তিক বিতৰণ আৰু পৃথিৱীৰ সীমাৰেখাৰ ভিতৰত আগবঢ়া বিকাশমুখী উন্নয়নেই সময়ত প্ৰকৃত আহ্বান। বহু দেশেই বৰ্তমান অৰ্থনৈতিক বৃদ্ধি আৰু পৰিৱেশ সংৰক্ষণ দুয়োটা একেলগে আগবঢ়াবলৈ পদক্ষেপ লৈছে। সমগ্ৰ বিশ্বৰ বিশেষকৈ ভাৰত, ব্রাজিল, দক্ষিণ আফ্ৰিকাই বহনক্ষম আৰু সেউজ ভবিষ্যত গঢ়ি তোলাত সন্মুখৰ পৰাই বিশ্বজনীনভাৱে নেতৃত্ব দিয়াৰ সময় আহি পৰিছে।”



বিশ্বব্যাপী প্ৰমাণৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতি জো বাইডেনৰ দিনতকৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দিনত সেউজ গৃহ গেছৰ নিৰ্গমন যথেষ্ট বেছি বৃদ্ধি পাব বুলি আশংকা কৰা হৈছিল, যিয়ে দেখুৱাইছে যে নেতৃত্বৰ পছন্দই কেনেকৈ পৃথিৱীৰ বোজা বা সুৰক্ষা হিচাপে চিহ্নিত হয়। তৃতীয় মেৰুক সুৰক্ষিত কৰিবলৈ পুঁজিবাদী আৰ্হিৰ পৰিৱৰ্তে বহনক্ষম ধাৰণা আৰু ভৱিষ্যতমুখী নেতৃত্বৰ প্ৰয়োজন। ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষক সন্মিলন COP30 আয়োজনৰ পূৰ্বে উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে ব্ৰাজিলে শেহতীয়াকৈ কৰা প্ৰচেষ্টাক আঙুলিয়াই দি তেওঁ দেশখনক অৰ্থনৈতিক বৃদ্ধি আৰু পৰিৱেশ সংৰক্ষণৰ মাজত অভিসৰণৰ এক উদীয়মান উদাহৰণ হিচাপে আলোকপাত কৰে।



অনুষ্ঠানত টাটা ষ্টীল ফাউণ্ডেশ্যনৰ চিইঅ সৌৰভ ৰয়ে বিশ্বব্যাপী পৰিৱেশৰ বিষয়ে আলোচনা কৰি উল্লেখ কৰে যে প্ৰগতিৰ বাবে আন্তঃসংযোগী পৰিৱেশ আৰু সামাজিক ব্যৱস্থাৰ সৈতে সমানভাৱে জড়িত হোৱাটো অতি প্ৰয়োজনীয়। 

আই আই টি গুৱাহাটী, কটন বিশ্ববিদ্যালয় আৰু ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত একেলগে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উত্তৰ-পূবৰ বহনক্ষমতাক আলোচনাৰ মূল কেন্দ্ৰ হিচাপে লোৱা হয়। 

দুদিনীয়া সন্মিলনত ভূমি-ব্যৱস্থা, আৱৰ্জনা পৰিচালনা, জলাশয় আৰু সম্প্ৰদায়ৰ জীৱিকাৰ পুনৰুদ্ধাৰ, বৃত্তাকাৰ অৰ্থনীতি লগতে বনাঞ্চল, হাতী আৰু মানুহৰ বসতিৰ মাজৰ সংযোগ আদি বিভিন্ন বিষয় আলোচনা কৰা হয়।

No comments

Powered by Blogger.