পৱিত্ৰ বৰদিন উদযাপনৰ সময়চোৱাত বাহন চলাওঁতে পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনা মানি চলাৰ আহ্বান পৰিবহণ বিভাগৰ
গুৱাহাটীঃ ২৪ ডিচেম্বৰঃ পবিত্ৰ বৰদিন উদযাপনৰ সময়ত সকলো শ্ৰেণীৰ যান-বাহন ব্যৱহাৰকাৰীক সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগে । ইয়াৰ বাবে সকলোকে সম্পূৰ্ণ নিয়ম-শৃংখলা তথা পবিত্ৰতাৰে বৰদিন উদযাপনৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে।
প্ৰেম-শান্তি আৰু পুণৰ আৰম্ভণিৰ পবিত্ৰ বৰদিনৰ আনন্দ উপভোগৰ নামত আনন্দত আত্মহাৰা হৈ অত্যধিক সুৰাপান কৰি বাহন চলাই কোনোৱে যাতে ভয়ংকৰ দুৰ্যোগ-দুৰ্ঘটনাৰ অন্ধকাৰ কঢ়িয়াই আনিবলগীয়া নহয় তাৰবাবে তেওঁ সকলোৰে প্ৰতি কাতৰ অনুৰোধ জনায় । তেওঁ কয় যে এই সময়চোৱাত গীৰ্জাৰ ওচৰে পাজৰে বা বৰদিন উদযাপিত স্থানেৰে যাত্ৰা কৰিলে অধিক সাৱধান হ’ব লাগিব ৷ কিয়নো এই পবিত্ৰ উৎসৱ বৰদিন হৈছে প্ৰেম আৰু শান্তিৰ দিন ৷ যানবাহন ব্যৱহাৰকাৰীৰ ভুলৰ বাবে যাতে এই বিশেষ দিনটোৰ শান্তি ভঙ্গ হ’ব নোৱাৰে তাৰবাবে আমি সকলোৱে মন দিব লাগিব।
বৰদিন উদযাপনৰ সময়ত ৰাগীয়াল দ্ৰব্য সেৱন আৰু তীব্ৰবেগ পৰিহাৰ কৰি সদায় নিয়ন্ত্ৰিত গতিত বাহন চলাওক ৷ দুচকীয়া বাহনত যাত্ৰী-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰক। তদুপৰি ম’বাইলত কথা পাতি অন্যমনস্ক হৈ কেতিয়াও গাড়ী নচলাব বুলি উল্লেখ কৰি এইবাৰ বৰদিন তথা সকলোৰে বাবে এটা নতুন বছৰৰ প্ৰাকমুহূৰ্তত যানবাহন আইন সম্পূৰ্ণৰূপে মানি চলি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ যানবাহনৰ গৰাকী, চালক আৰু সকলো ধৰনৰ যাত্ৰীৰ প্ৰতিয়ো তেওঁ বিনম্ৰতাৰে আহ্বান জনায় ৷

No comments