জালুকবাৰী বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ সফল সামৰণি
গুৱাহাটী, ০৫ ডিচেম্বৰ: কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত আজি “শুশ্ৰূষা সেতু” শীৰ্ষক পঞ্চমখন বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ সফল সামৰণি পৰে।
মহানগৰৰ পাণ্ডুৰ বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই শিবিৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিশ্যন সঞ্চালক ডাঃ লক্ষ্মণন এছ, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, মহানগৰৰ জিলা উন্নয়ণ আয়ুক্ত পাৰিজাত ভূঞা, জালুকবাৰী সমজিলা আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী, পাণ্ডুৰ ৱাৰ্ডসমূহৰ মুঠ ৭ গৰাকী পাৰিষদকে ধৰি জালুকবাৰী সমজিলাৰ সহকাৰী আয়ুক্তসকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীৰ প্ৰাথমিক ৰোগ চিনাক্তকৰণ আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে আজিৰ এই স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়।
জালুকবাৰী বিধানসভা সমষ্টিৰ মুঠ ১১ টা ৱাৰ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ পৰা আজিৰ শিবিৰত মুঠ ২৩৮৯ গৰাকী শিশু আৰু কিশোৰ-কিশোৰীয়ে বিশেষজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে। ইয়াৰে ১৬০ গৰাকীক অধিক উন্নত চিকিৎসাৰ বাবে *গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH)লৈ প্ৰেৰণ কৰা হয়।
শিবিৰত শিশু ৰোগ, হৃদৰোগ, প্ৰসূতি আৰু স্ত্ৰী ৰোগ, চৰ্মৰোগ, স্নায়ুৰোগ, চকু আৰু দাঁতৰ ৰোগ, কাণ, নাক আৰু ডিঙিৰ ৰোগ, শিশুৰ বিকাশজনিত বিলম্ব, অস্থিৰোগ আদি মিলি ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শৰ ব্যৱস্থা কৰা হয়।
তদুপৰি উচ্চ ৰক্তচাপ, মধুমেহ আৰু কেঞ্চাৰ আদিৰ বিনামূলীয়া পৰীক্ষণৰ লগতে যোগাসন আৰু স্বাস্থ্য সজাগতা বিষয়ক বিশেষ কাৰ্যসূচীও আয়োজিত হয়। শিবিৰত আভা কাৰ্ড সৃষ্টিৰো ব্যৱস্থা কৰা হয়।



No comments