Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসমৰ পৰা বিশ্ব মঞ্চলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক শিখৰ শৰ্মা :: এ চি এল অধিৱেশনত সভাপতিৰ দায়িত্ব গ্ৰহণ অধ্যাপক শৰ্মাৰ

 


গুৱাহাটী  21 ডিচেম্বৰ :: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক তথা বিভাগীয় মুৰব্বী আৰু প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মাক এ চি এল সন্মিলন IJCNLP–AACL ২০২৫ত অধিৱেশনৰ সভাপতি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । IJCNLP–AACL হৈছে প্ৰাকৃতিক ভাষা প্ৰসংস্কৰণ আৰু গণনামূলক ভাষাবিজ্ঞান ক্ষেত্ৰৰ বিশ্বখ্যাত শীৰ্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন, যি বিশ্বৰ আটাইতকৈ সন্মানীয় পেচাগত সংস্থা Association for Computational Linguistics (ACL)ৰ আনুষ্ঠানিক পৃষ্ঠপোষকতাত অনুষ্ঠিত হয়।


এ চি এলৰ সন্মিলনসমূহ বিশ্বজুৰি অত্যন্ত সন্মানিত আৰু নিৰ্বাচিত। অধিৱেশন সভাপতি হিচাপে দায়িত্ব লাভ কৰাটো শৈক্ষিক নেতৃত্ব, গৱেষণামূলক দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ প্ৰতীক । অধ্যাপক শিখৰ শৰ্মা উত্তৰ-পূব ভাৰতৰ পৰা এ চি এল সন্মিলনৰ অধিৱেশনত সভাপতিত্ব কৰা প্ৰথমজন শিক্ষাবিদ ।  লগতে তেওঁ এই সন্মানীয় দায়িত্ব লাভ কৰা অতি সীমিত সংখ্যক ভাৰতীয় শিক্ষাবিদৰ মাজৰ এজন । IJCNLP–AACL ২০২৫ ভাৰতীয় গৱেষণা সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । 

কিয়নো এ চি এলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত যৌথ IJCNLP–AACL সন্মিলন প্ৰথমবাৰৰ বাবে ভাৰতত আয়োজন কৰা হৈছে। এই সন্মিলন ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ আইআইটি বোম্বেত অনুষ্ঠিত হৈছে আৰু ইয়াত প্ৰাকৃতিক ভাষা প্ৰযুক্তি আৰু গণনামূলক ভাষাবিজ্ঞান ক্ষেত্ৰৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় গৱেষকসকল অংশগ্ৰহণ কৰিছে । এই সন্মিলনে ভাষা প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা গৱেষণাত ভাৰতৰ বঢ়ি উঠা ভূমিকা আৰু বিশ্বমুখী পৰিচয় প্ৰতিফলিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগত অসমীয়া আৰু বড়ো ভাষাক কেন্দ্ৰ কৰি কৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাষা প্ৰযুক্তি গৱেষণাৰ স্বীকৃতি স্বৰূপে অধ্যাপক শিখৰ শৰ্মাক অধিৱেশন সভাপতিত্বৰ দায়িত্ব প্ৰদান কৰা হৈছে।

No comments

Powered by Blogger.