চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত বিহু বিষয়ক কৰ্মশালা সম্পন্ন
গুৱাহাটী ,২০ ডিচেম্বৰ : গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আই কিউ এ চিৰ সহযোগত আজি আগন্তুক উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিহু বিষয়ৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিহু বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনৰ শুভ উদ্ধোধন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গোকুলেন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে।
কৰ্মশালাখনত মুখ্য বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ডঃ উদিতা ভট্ৰাচাৰ্যই ভাগ লৈ বিহু বিষয়ৰ ওপৰত সুন্দৰ তত্বগধুৰ বক্তৃতা প্ৰদান কৰে। কৰ্মশালাত বিহুৰ চেওঁ আৰু নাচৰ ভংগিমাৰ বিষয়ে বাখ্যা আগবঢ়াই হৃষিকেশ শৰ্মা আৰু জিজ্ঞাসী শইকীয়াই । কৰ্মশালাত ২০২৪-২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা তথা বুৰঞ্জী বিভাগৰ প্ৰাক্তন অধ্যাপিকা ডঃ নৱনীতা গোস্বামীয়ে ছাত্ৰী সীমা মালীক সম্বৰ্ধনা জ্ঞাপন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্ৰী ডঃ অৰুন্ধতী গোস্বামীয়ে।


No comments