Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত অসম দিৱসত বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন


 

গুৱাহাটী, ডিচেম্বৰ ২: অসম দিৱসৰ পৱিত্ৰ ক্ষণত বৰ অসমৰ স্বপ্নদ্ৰষ্টা, সমন্বয়ৰ সাধক স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাদেৱৰ বীৰত্ব, বিচক্ষণতা, দূৰদৰ্শিতা আৰু মহান আদৰ্শক স্মৰণ কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ২ ডিচেম্বৰ, ২০২৫ তাৰিখে এক বিশেষ অনলাইন বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। 

ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতিয়ে আঁতধৰা উক্ত বক্তৃতানুষ্ঠানত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উদ্বোধনী ভাষণ প্ৰদান কৰি উল্লেখ কৰে যে, "অসম দিৱস আমাৰ পৰিচয়, আমাৰ গৌৰৱ। স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাদেৱে স্থাপন কৰা বৰ অসম সমন্বয়, একতা আৰু সাহসৰ প্ৰতীক। তেওঁৰ মহান আদৰ্শক ভৱিষ্যত দিনলৈ আগুৱাই নিয়াটো আমাৰ কৰ্তব্য। গুৱাহাটী বিশ্ববিদ্যালয় এই মহান আদৰ্শক আগবঢ়াই লৈ যাবলৈ সদা প্ৰতিজ্ঞাবদ্ধ।”

বক্তৃতানুষ্ঠানত মুখ্য বক্তাৰ আসন অলংকৃত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বুৰঞ্জী আৰু উত্তৰ পূব অধ্যয়ন কেন্দ্ৰৰ সন্মানীয় মুৰব্বী অধ্যাপক গজেন্দ্ৰ অধিকাৰীদেৱে চাওলুং ছ্যু-কা-ফাদেৱৰ অসম সম্পৰ্কীয় থকা মহান ধাৰণা আৰু আদৰ্শৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। 

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত উপাচাৰ্যৰ সচিব ও জনসম্পৰ্কৰক্ষী বিষয়া ড⁰ মৃণাল জ্যোতি ডেকা, গুৱাহাটী বিশ্ববিদ্যালয় অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, গৱেষক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক দিশতো এইধৰণৰ বিষয়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

No comments

Powered by Blogger.