প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন উপলক্ষে বৰঝাৰ বিমানবন্দৰসহ গুৱাহাটীত ব্যাপক তৎপৰতা; আদৰিবলৈ সাজু বিজেপিৰ লক্ষাধিক কৰ্মকৰ্তা
গুৱাহাটী ,১৭ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া চৰকাৰী - বেচৰকাৰী কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব। ২০ ডিচেম্বৰৰ দিনা বিয়লি ২.৪৫ বজাত ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰত আহি উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কাৰ্যত ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পৰাই বিজেপিয়ে অসমত আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিবলৈ কঁকালত টঙালি বান্ধিছে। ইতিমধ্যে অসমৰ ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবেই প্রধানমন্ত্রী মোডীৰ দুদিনীয়া অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে।
দুদিনীয়া মোডীৰ ভ্ৰমণসূচী অধিক আকর্ষণীয় কৰিবৰ বাবে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ১০জন মন্ত্রীক বিশেষ দায়িত্ব অর্পণ কৰিছে। ২০ ডিচেম্বৰত বিয়লি ২.৪৫ বজাত গুৱাহাটীত উপস্থিত হৈয়ে প্রধানমন্ত্রী মোডীয়ে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুনকৈ নিৰ্মাণ কৰা টার্মিনেলৰ শুভাৰম্ভ কৰিব। অসমসহ উত্তৰ পূবত উপলব্ধ হোৱা বাঁহেৰে বিশেষভাৱে সজাই-পৰাই তোলা কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা টার্মিনেলটো মুকলিৰ বাবে সাজু হৈ উঠিছে। ২০ ডিচেম্বৰৰ দিনা নতুন টার্মিনেল উদ্বোধন কৰাৰ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈৰ ২১ ফুট উচ্চতাৰ এক বিশাল প্রতিমূর্তিও উন্মোচন কৰিব প্রধানমন্ত্রীয়ে। এই উপলক্ষে বিমান বন্দৰ চৌহদত প্ৰায় এক লাখ লোকৰ উপস্থিতিত অনুষ্ঠিত হ'ব এখন বিশাল জনসভা ।
তাৰ পিচতে মোডীয়ে স্থলপথেৰে যাত্রা কৰিব বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ। বিমান বন্দৰৰ পৰা বশিষ্ঠলৈ যাত্ৰা কৰাৰ সময়ত পথৰ দুয়োকাষে ৰৈ দলীয় কর্মী-সমর্থকে প্রধানমন্ত্ৰীগৰাকীক সম্ভাষণ জনাব। আনহাতে বেহাৰবাৰীৰ পৰা বশিষ্ঠলৈ প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ৰোড শ্ব'ত অংশ ল'ব নৰেন্দ্ৰ মোডীয়ে। ৰাজ্যিক কার্যালয়ত উপস্থিত হৈ মোডীয়ে দলৰ জ্যেষ্ঠ আৰু পুৰণি কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্রতিষ্ঠাকালৰে পৰা যিসকল নেতা-কৰ্মীয়ে দলৰ বাবে সেৱা কৰি আহিছে তথা যিসকলৰ ঐকান্তিক প্রচেষ্টাৰ ফলত দলটো আজিৰ পর্যায়ত উপনীত হৈছে, তেনে কার্যকর্তাসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। ২০ ডিচেম্বৰৰ নিশাটো কইনাধৰাস্থিত এক নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব মোডীয়ে । ২১ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ পানবজাৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ নামৰ জাহাজখনত 'পৰীক্ষা পে চর্চা' শীর্ষক এক অনুষ্ঠানত ২৫ জন নিৰ্বাচিত ছাত্ৰ - ছাত্ৰীৰ সৈতে এক অনুষ্ঠানত মিলিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈ ছয় বছৰীয়া বিদেশী বহিষ্কৰণ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিশেষ বিমানৰে ডিব্ৰুগড় হৈ ৰাওনা হ'ব নামৰূপলৈ। ইফালে দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আগন্তুক ২০ ডিচেম্বৰত গুৱাহাটী ভ্ৰমণৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জালুকবাৰী সমষ্টিৰ বিজেপি দলৰ চাৰিটা মণ্ডল কমিটীয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত ১৫ ডিচেম্বৰত মালিগাওঁ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। জালুকবাৰী মণ্ডলৰ বুথ লেভেল এজেণ্ট দ্বিজেন লহকৰে আঁত ধৰা সভাখনত সভাপতিত্বত অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ উপস্থিত ভাষণত কয় যে অহা বিশ একৈশ ডিচেম্বৰত-লোকপ্রিয় গোপীনাথ বৰদলৈক বিমান কোঠ উদ্বোধন আৰু কেইবাটাও আঁচনিৰ কাম লৈ দুদিনীয়াকৈ পদার্পন কৰিবলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বিজেপিৰ তৰফৰ পৰা কমেও ৭৫ হাজাৰৰো অধিক পুৰুষ-মহিলাৰ আগমন হব । তাৰ বাবে দলীয় কর্মকর্তাসকলক আগভাগ ল'বলৈ আহ্বান জনায়।
ইয়াৰ উপৰি নৰেন্দ্ৰ মোদীৰ এই ৰোড শ্ব' সভাই অসমৰ জনসাধাৰণক বুজাই দিব যে আগন্তুক ২০২৬ অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ফলাফল নির্ধাৰণ কৰিব আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'ব। সভাত বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস, জালুকবাৰী মণ্ডল কমিটীৰ সভাপতি পিয়াল শংকৰ দে , বিমানকোঠ মণ্ডল কমিটীৰ সভাপতি তীৰ্থ মেধি, বিশ্ববিদ্যালয় মণ্ডল কমিটীৰ সভাপতি চিন্ময় শৰ্মা, জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পৌৰ নিগমৰ বিজেপি দলৰ আটাকেইগৰাকী পাৰিষদ , মণ্ডল আৰু বুধ কমিটী সমূহৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ সম্মুখত প্ৰায় ৭৫ হাজাৰ মানুহ একেলগে বহিব পৰা তিনিটা বিশাল আকৃতিৰ পেণ্ডেল নিৰ্মাণ কৰা হৈছে।
তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সভা সম্বোধন কৰিব। আনহাতে বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ পথচোৱা সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে মানুহে প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনোৱাৰ সুবিধাৰ্থে পথৰ দাঁতিত বাঁহৰ বেৰিকেদ নিৰ্মাণ কৰা হৈছে । ইফালে ১৮ ডিচেম্বৰৰ পৰা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ প্ৰটকল অনুসৰি প্ৰধানমন্ত্ৰীৰ সভাথলী বিশেষ নিৰাপত্তা গোটে চমজি লব । ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ কেবাজনো সদস্য, মূখ্য সচিব ডঃ ৰবি কোটাকে ধৰি উচ্চপদস্থ বিষয়া সকলে বৰঝাৰ বিমানবন্দৰলৈ আহি প্ৰধানমন্ত্ৰীৰ আগমনৰ বুজ লোৱাৰ লগতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তই বিগত কেইবাদিনো ধৰি বৰঝাৰ বিমানবন্দৰত বাহৰ পাতি সমগ্র নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰা পৰিলক্ষিত হৈছে।



No comments