Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

তিনিচুকীয়া জিলাৰ পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ দ্বি-বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী


 তিনিচুকীয়া, ৯ নৱেম্বৰ: স্ত্ৰী-শিক্ষাৰ প্ৰসাৰেৰে নাৰীশক্তিৰ সশক্তিকৰণৰ দিশত সবল ভূমিকা পালন কৰি অহা তিনিচুকীয়া জিলাৰ পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ দ্বি-বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে উপস্থিত থাকে। অনুষ্ঠানত বিদ্যালয়ৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত লগতে উপস্থিত থাকে বিধায়ক পোনাকণ বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, "আজি পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ‍্যালয়ৰ সোণালী জয়ন্তী সামৰণী বৰ্ষ উদযাপনৰ দিনটোত ম‌ই শিক্ষানুষ্ঠানখনৰ লগত জড়িত সমূহ ব‍্যক্তিকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিদ‍্যালয়খনৰ জন্মলগ্নৰে পৰা জড়িত ভূমিদাতাসকলৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠাপকসকললৈকে- সকলোকে ম‌ই অন্তৰেৰে সেৱা জনাইছোঁ। সমাজত নাৰীসকলৰ স্থান সদায় বিশেষ। পৃথিৱীৰ যিকোনো স্থানত হ‌ওক বা দেশৰ প্ৰতিটো কোণতে হ‌ওক, নাৰীসকলে স্বকীয় বৈশিষ্ট্য আৰু প্ৰতিভাৰে সকলোতে নিজৰ উপস্থিতি সজোৰে সুনিশ্চিত কৰিছে। ভাৰত চৰকাৰেও মহিলা সবলীকৰণৰ দিশত যথেষ্ট কাম কৰিছে। যিখন দেশত নাৰীসকলক যথাযথ সন্মান প্ৰদৰ্শন কৰা হয়, সেইখনকেই মহান দেশ বুলি ক'ব পাৰি।


 

 ঋকবেদত মাতৃক ভগৱানতকৈও ওপৰত স্থান দিয়া হৈছে। প্ৰকৃতিয়ে হ‌ওক বা পৃথিৱীয়ে হ‌ওক আমি সদায়েই তেওঁলোকক মাতৃজ্ঞান কৰি আহিছোঁ। কিন্তু পৰিতাপৰ কথা এয়াই যে কিছুবছৰ আগলৈকে আমাৰ সমাজত নাৰীসকলৰ স্থান বহু পিছপৰা আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্বভাৰ হাতত লৈয়ে নাৰী সবলীকৰণৰ বিশেষ বিশেষ আঁচনি হাতত লৈছে। তাৰ ভিতৰত 'বেটি বচাও, বেটি পঢ়াওঁ' উল্লেখযোগ্য। এই শ্লোগানটো আজি এটা জনআন্দোলনত পৰিণত হৈছে। ম‌ই পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ‍্যালয়ৰ ছাত্ৰীসকলক লৈ যথেষ্ট আশাবাদী। ইয়াৰ ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ সপোন কাৰ্যক্ষম কৰিব পৰাকৈ সম্পূৰ্ণ সক্ষম। 

মোৰ দায়িত্বত থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন গুৰুত্বপূৰ্ণ দেশহিতকৰ কাম মহিলাসকলে নিয়াৰিকৈ পৰিচালনা কৰে। নাৰীশক্তিয়ে এতিয়া ভাৰতৰ উন্নয়নৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰাব। ম‌ই এই অঞ্চলৰ এগৰাকী ব‍্যক্তি হিচাপে সদায় বিচাৰোঁ আমাৰ এই অঞ্চলটোৱে বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰক। আমাৰ পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ‍্যালয়ৰ ছাত্ৰীসকলে এই আশাক অধিক বাস্তৱ ৰূপ দিব পাৰিব বুলি ম‌ই দৃঢ় বিশ্বাসী। আজিৰ ছাত্ৰীসকলেই দেশৰ ভৱিষ্যৎ গঢ় দিয়াত সুদূৰপ্ৰসাৰী ভূমিকা লৈ অমৃতকালত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াত সক্ৰিয় অৰিহণা যোগাব।"

No comments

Powered by Blogger.