গুৱাহাটী বিশ্ববিদ্যালয়ত সংবিধান দিৱস উদযাপন বৰ্তমান সমাজত সংবিধানৰ তাৎপৰ্য অধিক : অধ্যাপক নৰেন্দ্ৰৰ কুমাৰ
গুৱাহাটী নৱেম্বৰ ২৬ : দেশজুৰি ২৬ নৱেম্বৰ, ২০২৫ তাৰিখে গণতান্ত্ৰিক গৌৰৱ আৰু জাতীয় চেতনাৰে পালন কৰা হয় সংবিধান দিৱস। ভাৰতীয় সংবিধানে ন্যায়, সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্বৰ আধাৰত গঢ়ি উঠা আধুনিক গণতান্ত্ৰিক ভাৰতৰ পথ দেখুৱাইছে। সংবিধানত সন্নিবিষ্ট দেশৰ সৰ্বোচ্চ নীতি–নিয়ম মানি আগবঢ়াই যোৱাটো নাগৰিকৰ প্ৰাথমিক দায়িত্ব।
দেশৰ উন্নয়নৰ স্বাৰ্থত সদায় দায়বদ্ধ উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়তো ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু দক্ষিণ পূব এছিয়া অধ্যয়ন কেন্দ্ৰৰ সহযোগত সংবিধান দিৱসৰ লগত সংগতি ৰাখি 'বাৰ্তালাপ' শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক নৰেন্দ্ৰৰ কুমাৰদেৱে 'Understanding the Working of the Indian Constitution in the Present Context' শীৰ্ষক বিষয়ত বিস্তৃতভাৱে আলোকপাত কৰে।
উক্ত বিষয়ত বিস্তৃতভাৱে আলোচনা কৰি তেওঁ উল্লেখ কৰে যে, "বৰ্তমান পৰিপ্ৰেক্ষিতত ভাৰতীয় সংবিধানৰ কাৰ্যপদ্ধতি বুজা মানে কেৱল বিধি-বিধান পাঠ কৰা নহয়, ই হ’ল গণতান্ত্ৰিক মূল্যবোধৰ জীৱন্ত স্পন্দনক অনুভৱ কৰাৰ এক চেতনা। সংবিধানে আমাক ন্যায়, সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্বৰ দিশ দেখুৱাইছে - কিন্তু এই মূল্যবোধসমূহ সত্য অর্থত কার্যকৰী হ’ব যেতিয়া সমাজৰ প্ৰতিগৰাকী নাগৰিকে একেলগে দায়িত্ববোধেৰে সংবিধানৰ আদৰ্শক পালন কৰিব। গণতন্ত্ৰৰ মানচিত্রক সংবিধানৰ নীতিৰে দৃঢ়ভাৱে আগবঢ়াই নি সঠিকভাৱে মূল্যায়ন কৰাটোৱেই আজিৰ সময়ত আটাইতকৈ প্ৰাসঙ্গিক।”
উক্ত অনুষ্ঠানত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ধ্ৰুৱ প্ৰতীম শৰ্মা, অনুষ্ঠানৰ সমন্বয়ক ড⁰ বিকাশ ত্ৰিপাঠী, অধ্যাপক অধ্যাপিকা সমন্বিতে গৱেষক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।


No comments