কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আই আই টি গুৱাহাটীত আয়োজিত পানীৰ তলৰ ৱেল্ডিং, অফচ'ৰ মেৰামতি আৰু এডিটিভ মেনুফেকচাৰিঙৰ শুভউদ্বোধনী সন্মিলনত উপস্থিত থাকে
গুৱাহাটী, ২২ নৱেম্বৰ : আজি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আই আই টি গুৱাহাটীত আয়োজিত পানীৰ তলৰ ৱেল্ডিং, অফচ'ৰ মেৰামতি আৰু এডিটিভ মেনুফেকচাৰিঙৰ শুভ উদ্বোধনী সন্মিলনত উপস্থিত থাকে।
ইণ্ডিয়ান ৰেজিষ্টাৰ অৱ শ্বিপিঙৰ (Indian Register of Shipping) সহযোগত টি আই এইচ, আই আই টি গুৱাহাটীত পানীৰ তলত ঝালাইৰ প্ৰমাণপত্ৰ কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰা যুৱকসকলক আজি কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে প্ৰমাণপত্ৰ বিতৰণ কৰে আৰু টি আই এইচ, আই আই টি গুৱাহাটী তথা আই আৰ এছৰ এই যৌথ প্ৰচেষ্টাৰ শলাগ লয়।
টি আই এইচ, আই আই টি গুৱাহাটীৰ দলে উদ্যোগৰ বাবে ধাতুৰ থ্রীডি প্রিন্টিঙৰ জৰিয়তে কৰা সামুদ্রিক প্রপেলাৰৰ মেৰামতি প্ৰত্যক্ষ কৰি সোণোৱাল আপ্লুত হয়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, "মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে আত্মনিৰ্ভৰশীলতাৰ মূলমন্ত্ৰেৰে সামুদ্রিক ক্ষমতা তথা দক্ষতা ক্ষিপ্ৰতাৰে শক্তিশালী কৰিছে, বন্দৰৰ আন্তঃগাঁথনি উন্নত কৰিছে, অন্তর্দেশীয় জলপথৰ সম্প্ৰসাৰণ ঘটাইছে তথা নীল অৰ্থনীতি প্ৰসাৰিত কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলেও এই বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। পানীৰ তলত ঝালাই (Underwater Welding), সমুদ্ৰৰ মাজত মেৰামতি (Offshore Repair) আৰু এডিটিভ মেনুফেকচাৰিং (যিটোক থ্রীডি প্রিন্টিং নামেৰেও জনা যায়)ৰ দৰে প্ৰযুক্তিত উন্নত কৰ্মশক্তি গঢ়াৰ লক্ষ্যৰে টি আই এইচ, আই আই টি গুৱাহাটীত চলি থকা দক্ষতা বিকাশৰ ব্যৱস্থা তথা উদ্ভাৱনীমূলক পদক্ষেপে ব্যৱহাৰিক ফলপ্ৰসূ পথ মুকলি কৰিছে। অসমো পানীৰ তলত মেৰামতি আৰু উন্নত উৎপাদনৰ এক প্রধান কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে আৰু টি আই এইচ, আই আই টি গুৱাহাটী এই ভৱিষ্যতৰ কেন্দ্ৰবিন্দু হ'ব বুলি আমি আশাবাদী।"
সোণোৱালে লগতে কয়, "প্রাকৃতিক জলপথ আৰু কৌশলগত অৱস্থানৰ সুবিধা থকা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে এই বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পানীৰ তলত ঝালাই (underwater welding), সমুদ্ৰৰ মাজত মেৰামতি (offshore repair) আৰু এডিটিভ মেনুফেকচাৰিং (যিটোক ৩ডি প্রিন্টিঙৰ নামেও জনা যায়)ৰ দৰে প্ৰযুক্তি এক সবল আৰু আধুনিক সামুদ্রিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে অতি জৰুৰী। সামুদ্রিক আৰু জাহাজ পৰিবহণ খণ্ডৰ বাবে দ্রুত, নিৰ্ভৰযোগ্য আৰু সুলভ মেৰামতিৰ সমাধানৰ প্ৰয়োজন। পৰম্পৰাগত ড্ৰাই-ডকিং আৰু আমদানিকৃত যন্ত্রাংশৰ ওপৰত নিৰ্ভৰশীলতাই খৰচ বঢ়ায় আৰু কাৰ্য্যৰ বিলম্ব ঘটায়। টি আই এইচ, আই আই টি গুৱাহাটীত চলি থকা এই বৈকল্পিক কামে ব্যৱহাৰিক আৰু ফলপ্রসূ বিকল্পৰ পথ মুকলি কৰিছে। এই উদ্ভাৱনসমূহে ভাৰতক অধিক দ্রুত, সুলভ আৰু আত্মনিৰ্ভৰশীল মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ ক্ষমতা প্ৰদান কৰিব, যিয়ে উদ্যোগ আৰু কৌশলগত খণ্ড দুয়োটাকে সহায় কৰিব। আজি এটা গুৰুত্বপূর্ণ সাফল্যৰ কথা জানি মই অত্যন্ত সন্তুষ্ট।
মই সকলো ডাঙৰ জাহাজ নির্মাণ কেন্দ্র, ডকইয়ার্ড, অন্তর্দেশীয় জলপথ কর্তৃপক্ষ আৰু সামুদ্রিক উদ্যোগক টি আই এইচ, আই আই টি গুৱাহাটীৰ সৈতে নিবিড়ভাৱে কাম কৰিবলৈ আহ্বান জনাইছোঁ। উন্নত প্রযুক্তি বিকাশৰ বাবে স্থিৰ প্রতিষ্ঠানিক আৰু আৰ্থিক সহায়ৰ প্ৰয়োজন। বিদ্যমান চৰকাৰী আঁচনি আৰু নীতিৰ ভিতৰতে টি আই এইচ, আই আই টি গুৱাহাটী আৰু তাৰ অংশীদাৰসকলৰ পৰা অহা সু-প্ৰস্তুত আৰু ফলাফল-কেন্দ্রিক প্ৰস্তাৱৰ প্ৰতি মন্ত্ৰালয়ে ইতিবাচক দৃষ্টি ৰাখিব। আমি উদ্ভাৱনক উৎসাহিত কৰা, সামুদ্রিক পৰিকাঠামোৰ উন্নয়ন ঘটোৱা আৰু আমাৰ যুৱক-যুৱতীৰ বাবে দক্ষ নিয়োগৰ সৃষ্টিত দৃঢ় প্রতিশ্রুতিবদ্ধ।"
অনুষ্ঠানত লগতে উপস্থিত থাকে আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, বিজ্ঞানী তথা বিশেষজ্ঞসকল, উদ্যোগ জগতৰ গণ্য-মান্য ব্যক্তি, সন্মানীয় অতিথিবৃন্দ তথা ছাত্র-ছাত্রীসকল।



No comments