Saturday, November 8, 2025
চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে “একতাৰ হকে পদযাত্ৰা”ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ৷
ডিব্ৰুগড়, ৮ নৱেম্বৰ: আজি নিজৰ গৃহ সমষ্টিৰ দুটি ভিন ভিন অনুষ্ঠানত ৰাইজক সম্বোধন কৰে কেন্দ্ৰীয় বন্দৰ, জহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে৷
লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে৷ এই উপলক্ষে চৌকিডিঙ্গী খেলপথাৰৰ পৰা আৰম্ভ কৰা ‘একতাৰ হকে পদযাত্ৰা’ত কেন্দ্ৰীয় মন্ত্ৰী জনক সংগ দিয়ে উৎসাহী জনতা তথা ৰাজ্যৰ মন্ত্ৰী শ্ৰী বিমল বৰা, শ্ৰী প্ৰশান্ত ফুকন, বিধায়ক শ্ৰী চক্ৰধৰ গগৈ, শ্ৰী তেৰছ গোৱালা , ডিব্ৰুগড় জিলাৰ আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী, বিজেপিৰ জিলা সভাপতি শ্ৰী দুলাল বৰা, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী পুষ্পাঞ্জলি সোনোৱাল, পৌৰ নিগমৰ উপ-মেয়ৰ শ্ৰী উজ্জ্বল ফুকন , ডি.ডি.আৰ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ শ্ৰী ইন্দ্ৰ গগৈ আৰু সেনা বাহিনী, এন চি চিৰ জোৱানে৷
পদযাত্ৰাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল দেৱে এখন সংবাদ মেলৰ সম্বোধনেৰে লৌহ মানৱজনৰ আদৰ্শ আৰু অৱদান সম্পৰ্কে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি চৰ্দাৰ পেটেলৰ ৰাষ্ট্ৰীয় একতাৰ বাৰ্তা এক বলিষ্ঠ ৰূপত দাঙি ধৰে৷ তাৰপাছতে তেখেতে নিজ হাতে ত্ৰিৰংগা পতাকা লৈ মূল কাৰ্যসূচী “একতাৰ হকে পদযাত্ৰা”ৰ শুভাৰম্ভণি কৰে। লগতে কেইবাগৰাকী নৃত্য শিল্পীয়ে দেশপ্ৰেমমূলক আৰু জনজাতীয় গীত, মাত, নৃত্য পৰিৱেশন কৰি এক উলাহৰ পৰিৱেশ সৃষ্টি কৰে।

No comments:
Post a Comment