Tuesday, November 4, 2025

জুবিনময় গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি

 
গুৱাহাটী, নৱেম্বৰ ৪ : জুবিনময় শোভাযাত্ৰা, সংগীতৰ মোহাচ্ছন্নতা আৰু নৃত্য, সাহিত্য, সুকুমাৰ কলা সকলো দিশতে প্ৰতিভাৰ অসাধাৰণ প্ৰদৰ্শনৰে ৪ নৱেম্বৰ, ২০২৫ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্রীড়া পৰিষদৰ অধীনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দ্বাৰা বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫ ৰ অন্ত পৰে। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰথম দিনৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপ ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ কুলদীপ পাটগিৰি, সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্ত, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম কলিতা, সাধাৰণ সম্পাদক কৌশিক বৰুৱা, অধ্যাপক-অধ্যাপিকা, বিশিষ্ট ব্যক্তিসকল সমন্বিতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। 



বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই যুৱ মহোৎসৱত সফল সামৰণি সম্পৰ্কে নিজৰ অনুভৱ ব্যক্ত কৰি উল্লেখ কৰে যে, "সংস্কৃতি, শৃংখলা আৰু জ্ঞান — এই তিনিটাই হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ শক্তিৰ মুখ্য ভেঁটি । যুৱ মহোৎসৱ কেৱল প্ৰতিযোগিতাৰ মঞ্চ নহয়, ই হৈছে চিন্তন, সংস্কৃতি আৰু ঐক্যৰ এক সেতু- যিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সামগ্ৰিক দিশৰ সফলতাক প্ৰতিফলিত কৰে। আশা কৰিছোঁ, যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা সমূহ মহাবিদ্যালয় আৰু শিক্ষাৰ্থীৰ বাবে এই মহোৎসৱ এক স্মৰণীয় স্মৃতি হিচাপে চিহ্নিত হৈ ৰব।"



প্ৰায় ৬০ খন মহাবিদ্যালয়ৰ ৭০০ তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পাঁচদিনীয়া উক্ত মহোৎসৱত বিভিন্ন শিতানত ৩০ তকৈ অধিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই বৰ্ষৰ যুৱ মহোৎসৱত অসমৰ প্ৰাণ, অমৰ শিল্পী জুবিন গাৰ্গদেৱক শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁৰ সৃষ্টিৰাজিক আগুৱাই নিয়াৰ স্বাৰ্থত 'জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্ৰতিযোগিতা' শীৰ্ষক এক বিশেষ প্ৰতিযোগিতাৰ শিতান অন্তৰ্ভুক্ত কৰা হয়। উক্ত প্ৰতিযোগিতাত বিচাৰক হিচাপে অসমৰ বিশিষ্ট সুৰকাৰ তথা গীতিকাৰত্ৰয় ক্ৰমে গৌতম শৰ্মা, ইবছন লাল বৰুৱা আৰু হেমন্ত গোস্বামী উপস্থিত থাকে। উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শ্ৰীযুত ভাৰত ভূষণ চৌধুৰীদেৱ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে। উক্ত অনুষ্ঠানতে জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁৰ কালজয়ী সৃষ্টি 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীতটি হোৱা হয়। 

বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ সচিব তথা ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, বিশ্ববিদ্যালয় কর্তৃপক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই যুৱ মহোৎসৱটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা তথা দিহা পৰামৰ্শ দিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰে।




No comments:

Post a Comment