পাণ্ডু মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ যুটীয়া উদ্যোগত কীৰ্ত্তিনাথ হাজৰিকা জন্ম শতবর্ষ আলোচনা চক্র আয়োজন
গুৱাহাটী, ২০ নৱেম্বৰ ২০২৫- পাণ্ডু মহাবিদ্যালয়ত আজি সাহিত্য অকাডেমিৰ যুটীয়া উদ্যোগত কীর্ত্তিনাথ হাজৰিকা জন্ম শতবর্ষ আলোচনা চক্র আয়োজিত হয়। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৬০ সোণপাহি মৰাং আৰু প্রাঞ্জল তালুকদাবে আঁত ধৰা উন্মোচনী সভাত সাহিত্য অকাডেমিৰ ভাৰপ্ৰাপ্ত অধিকাৰী ক্ষেত্রবাচী নায়কে আদৰণী তাষণত অসমৰ সাহিত্য আৰু সংবাদ জগতত কীৰ্ত্তিনাথ হাজৰিকাৰ সক্রিয় ভূমিকাক সশ্রদ্ধ সোঁৱৰণ কৰে। সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শর্মাই কীর্ত্তিনাথ শৰ্মাৰ জন্ম শত বর্ষ আয়োজন কৰিবলৈ পাই গৌবান্বিত হোৱা কথা স্বীকাৰ কৰি কীৰ্ত্তিনাথ হাজৰিকাৰ সৈতে হোৱা ব্যক্তিগত অভিজ্ঞতাসমূহ সৌরবে। মূল ভাষণত ৬০ ভুবনেশ্বৰ ডেকাই দৈনিক অসমৰ সম্পাদকীয়ৰ মাজেৰে প্রকাশিত কীৰ্ত্তিনাথ হাজৰিকাৰ জাতীয় চেতনাৰ মূল্যায়ণ কৰে। উন্মোচনী অনুষ্ঠানটোৰ সঞ্চালকৰ ভূমিকা গ্রহণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ চন্দনা সিনহা বয়ে আৰু শলাগৰ শৰাই জ্ঞাপন কবে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ কবিশ্বা শ্রাবনে।
চাহ বিৰতিৰ পাছতে আৰম্ভ হোৱা প্রথম সত্রত সমল ব্যক্তিৰূপে দৈনিক অসমৰ ক্রীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা, একেখন বাতৰি-কাকতৰ জেষ্ঠ্য সাংবাদিক অতুল্য মাধব গোস্বামী আৰু পাণ্ডু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্রাঞ্জল তালুকাদবে কীৰ্ত্তিনাথ হাজৰিকাৰ সাহিত্য আৰু সমাজ জীৱনৰ প্রতি আগবঢ়োৱা অৱদানৰ বিদ্যায়তনিক মূল্যায়ন কৰে। নিজ ভাষণ প্রসংগত সুবোধ মল্ল বৰুৱাই কীর্তিনাথ হাজৰিকাৰ পেছাদাবিত্ব, আপোচবিহীন চৰিত্ৰ আৰু অসমীয়া ভাষাৰ প্ৰতি থকা টানৰ কথা স্বীকাৰ কৰি বাতৰি কাকতৰ সম্পাদকরূপে হাজৰিকাক চন্দ্রপ্রসাদ শইকীয়া আৰু বাধিকামোহন ভাগবতীৰ সমপর্যায়ৰ বুলি কয়। অতুল্য মাধর গোস্বামীয়ে নতুন প্রজন্মক বাতৰি কাকতৰ সম্পাদকীয় পঢ়াৰ প্রতি আগ্রহী হ'বলৈ আহ্বান জনাই যোৱা বিংশ শতিকাৰ ষষ্ঠ-সপ্তম আৰু অষ্টম শতিকাৰ অসমৰ প্রতিটো আর্থ-সামাজিক সমস্যাকে কীর্ত্তিনাথ হাজৰিকাই সম্পাদকীয়ৰ মাজেৰে কিদবে প্রকাশিত কৰিছিল সেয়া বিতং আলোচনা কৰে। মাধ্যম আন্দোলনৰ পৰা আৰম্ভ কৰি ভাষা আন্দোলন, অনুপ্রবেশৰ সমস্যাৰ পৰা আৰম্ভ কৰি অসম আন্দোলনলৈ জাতিৰ প্রতিটো সমস্যাতে কীর্ত্তিনাথ হাজৰিকাৰ এক একক, অনন্য আৰু শক্তিশালী মত থকাৰ কথা গোস্বামীয়ে স্বীকাৰ কৰে। সত্ৰৰ তৃতীয়গৰাকী বক্তা প্রাঞ্জল তালুকদাবে হাজৰিকাৰ নির্ভীক আৰু নিৰপেক্ষ সাংবাদিকতা আৰু সম্পাদকীয়ৰ মাজেৰে প্রকাশিত গান্ধীবাদী চিন্তাধাৰাৰ কথা উল্লেখ কৰে। সম্পাদকীয়ৰ মাজেৰে প্রকাশিত সমাজমনস্কতা তালুকদাৰৰ বক্তব্যৰ মূল বিষয়।
সাহিত্য অকাডেমি বঁটাপ্রাপক তথা পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ বিভাগীয় প্রধান ড০ মৃণাল কলিতাই সঞ্চালনা কৰা দ্বিতীয় সত্ৰত সমল ব্যক্তিরূপে অংশগ্রহণ কৰে বিশিষ্ট সাংবাদিক, অসম-বাণী কাকতৰ সম্পাদক আৰু সাহিত্যিক দিলীপ চন্দন, প্রান্তিক আলোচনীৰ কার্যবাহী সম্পাদক আৰু সাহিত্যিক ইমৰাণ হুছেইনে। ভাষণ প্রসংগত দিলীপ চন্দনে হাজৰিকাই অসমীয়া সমাজ জীৱন আৰু সাংবাদিকতাক দিয়া নেতৃত্ব দিয়াৰ কথা শ্রদ্ধাবে সৌরবে। অসমৰ সকলো জাতীয় জীৱনৰ সমস্যাব প্রতি সংবেদনশীল হাজৰিকাক অতি জাতীয়তাবাদী বহণেৰে সাঙুৰাটো অত্যুক্তি কৰাৰ বাহিৰে আন একো নাই বুলি উল্লেখ কবি দিলীপ চন্দনে কীৰ্ত্তিনাথ হাজৰিকাৰ সৃষ্টিৰাজিৰ সৈতে উপস্থিত দর্শকক পৰিচয় কৰাই দিয়ে।
সাংবাদিকতাৰ উত্তৰণত কীর্তিনাথ হাজৰিকাৰ ভূমিকা স্বীকাৰ কৰি ইমবাণ হুছেইনে হবেন্দ্রনাথ বৰুৱা, লক্ষ্মীনাথ ফুকনৰ পাছতে অসমত বৃত্তিমূলক সাংবাদিকতাৰ সূচনাত কীর্তিনাথ হাজৰিকাই সক্রিয় ভূমিকাৰ কথা উল্লেখ কৰে। দৈনিক অসমৰ সম্পাদকৰূপে সুদীর্ঘ একৈশ বছব কাল সেৱা আগবঢ়াই হাজৰিকাই সৰ্বভাৰতীয় পর্যায়ত সাংবাদিকতাৰ বাবে সম্মান লাভ কৰা প্রথম ব্যক্তি বুলি উল্লেখ কৰি হুছেইনে পববর্তী প্রজন্মৰ সাংবাদিকসকলকো হাজৰিকাৰ সত্ত্বাই অনুপ্ৰেৰণা যোগোইছিল বুলি স্বীকাৰ কৰে। সঞ্চালক ৬০ মৃণাল কলিতাই কীর্তিনাথ হাজৰিকাৰ সম্পাদকীয়ৰ বিষয় বৈচিত্র্যৰ কথা উল্লেখ কৰি বিজ্ঞানভিত্তিক সম্পাদকীয়সমূহত কীর্তিনাথ হাজৰিকাৰ দূৰ দৃষ্টিৰ উমান কিনবে পাব পাৰি সেয়া উদাহৰণসহ আলোচনা কবে। প্রাঞ্জল তালুকদাৰৰ শলাগৰ শৰাইবে আলোচনা চক্ৰখনৰ সামৰণি পৰে।



No comments