ধাৰাপুৰত কৃষকৰ মাজত বিনামূলীয়াকৈ বীজ বিতৰণ
গুৱাহাটী, ১৫ নৱেম্বৰ: নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ ধাৰাপুৰ কৃষি চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ আঠ শতাধিক কৃষকক চৰকাৰে প্ৰদান কৰা বিভিন্ন শস্যৰ বীজ আজি কাৰ্যালয় চৌহদত বিনামূলীয়াকৈ বিতৰণ কৰা হয় । কৃষি চক্ৰৰ অন্তৰ্গত পূব মাজিৰগাও , কেন্দুকুছি,ভট্টাপাৰা,গড়ল,
ধাৰাপুৰ, খানামুখ আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ চৰনেহালিৰ কৃষকক মাটিমাহ,সৰিয়হ,মুগ,মাকৈ,পিয়াজ, আলুৰ বীজৰ উপৰি কীটনাশক দ্ৰব্য প্ৰদান কৰা হয় । আনহাতে বিতৰণ কাৰ্যসূচীত কৃষি উন্নয়ন বিষয়া নীপমজ্যোতি দত্ত , কৃষি উপ পৰিদৰ্শক ক্ৰমে ভৱেশ শৰ্মা আৰু কামেশ্বৰ বৈশ্য, কৃষি সম্প্ৰসাৰণ সহায়ত মন্টু বৈশ্য উপস্থিত থাকে ।


No comments