গুৱাহাটী বিশ্ববিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেশ্যনৰ উদ্যোগত কনক্লেভ সম্পন্ন
গুৱাহাটী, নৱেম্বৰ ১৫: গুৱাহাটী বিশ্ববিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে ১৪ নৱেম্বৰ, ২০২৫ তাৰিখৰ পৰা ১৩ তম Eastern Himalayan Naturenomics™ Forum ৰ অধীনত পূব হিমালয় তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ-সংৰক্ষণ আৰু পাৰিৱেশিক স্থিতিশীলতা বিষয়ক গৱেষণাক অধিক গুৰুত্ব প্ৰদান কৰাৰ অৰ্থে Naturenomics™ Research Conclave 2025 অনুষ্ঠিত হয়।
বালিপাৰা ফাউণ্ডেশ্যনৰ Chief Communication Architect কৰিশ্মা আহমেদে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উদ্বোধক হিচাপে উপস্থিত থাকি উল্লেখ কৰে যে, "প্ৰকৃতি সংৰক্ষণৰ পথ নিৰ্মাণৰ মূল আশ্রয়স্থল হৈছে বৈজ্ঞানিক গৱেষণা। Naturenomics™ Research Conclave 2025 এ গুৱাহাটী বিশ্ববিদ্যালয়ক পূব হিমালয়ৰ পাৰিৱেশিক ভৱিষ্যত গঠনত আন্তঃবিষয়ক চিন্তাধাৰা, গৱেষণা সম্প্রীতি আৰু সহযোগিতাৰ এক সমন্বিত দিশ প্ৰদৰ্শন কৰাত সহায় কৰিব। আশা কৰিছোঁ এই পদক্ষেপে ভৱিষ্যতৰ উন্নয়নৰ পথ প্ৰশস্ত কৰিব।”
অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই পূব হিমালয় অঞ্চলক শক্তিশালী কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক আলোচনাৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে।আমেৰিকাৰ ড⁰ দিবাকৰ গোস্বামীয়ে বিশেষ অতিথিৰ ভাষণ প্ৰদান কৰি পৰিৱেশ সংৰক্ষণৰ এক আন্তৰ্জাতিক দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰে।
গৱেষণা আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান অনুষদৰ ডীন অধ্যাপক কে টায়ুঙে সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ অফ এক্সেলেনছ অধ্যাপক অধ্যাপক বি এন গোস্বামীয়ে বহনক্ষম পদ্ধতি গঢ়ি তোলাত বিজ্ঞানৰ ভূমিকাক কেন্দ্ৰ কৰি দিয়া উচ্চ পৰ্যায়ৰ ভাষণেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।

No comments