নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচন সৰ্বানন্দ সোণোৱালৰ
ডিব্ৰুগড়, ২৪ নৱেম্বৰ ডিব্ৰুগড় স্থিত নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত অধ্যাপিকা জ্যোতি বৰগোহাঁই ডাঙৰীয়ানীৰ উপস্থিতিত তেখেতৰ অভিনন্দন গ্ৰন্থ "জ্যোতিস্নাতা"ৰ উন্মোচনী সভাত সোণোৱালক সংগ দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সঞ্জীৱানন্দন বৰগোহাঁই, উপাধ্যক্ষা শ্ৰীমতী মানসী বৰগোহাঁই, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা, হাউছিং ব'ৰ্ডৰ অধ্যক্ষ শ্ৰী পুলক গোহাঁই, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শ্ৰী চৈকত পাত্ৰ, উপ-মেয়ৰ শ্ৰী উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা শ্ৰীমতী পুষ্পাঞ্জলি সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰী শৰৎ শৰ্মা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল। শ্ৰী মনজিৎ বৰাৰ মুখ্য সম্পাদনা আৰু শ্ৰী সুমন দত্তৰ সম্পাদনাত প্ৰকাশিত এই গ্ৰন্থখনক পঢ়ুৱৈ সমাজে সহৃদয়ে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে৷
সোণোৱালে কয় - “শ্ৰীযুতা জ্যোতি বৰগোহাঁই বাইদেউৰ দৰে এক ব্যক্তিত্বৰ বৰ্ণিল জীৱন পৰিক্ৰমা আৰু শৈক্ষিক, বৌদ্ধিক, সামাজিক ক্ষেত্ৰলৈ তেখেতে আগবঢ়োৱা বৰঙণি সফলভাবে উদ্ভাসিত কৰাৰ প্ৰচেষ্টাত এই গ্ৰন্থখন সফল হৈছে৷”
আজিৰ দিনটোত লাচিত দিৱসৰ প্ৰাসংগিকতা দোহাৰি সোণোৱালে কয়- “ একাগ্ৰতা, দৃঢ়তা, মনোবল, সাহসিকতা, দেশপ্ৰেম - এই সকলোবোৰ অনুভূতি যদি নিজৰ ব্যক্তিত্বত গঢ় দিব বিচাৰোঁ আমি লাচিতৰ আদৰ্শৰে উদ্বুদ্ধ হব লাগিব৷ মোগলৰ বিৰুদ্ধে হোৱা যুঁজত ব্যৱহাৰ হোৱা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ৩০ হাজাৰখন নৌকাৰ সমদল মোগলক ভীতিগ্ৰস্থ কৰাৰ বাবে আৰু মনোবল ভাঙি দিয়াৰ বাবে যথেষ্ট আছিল৷ অতীতক পাহৰি বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰাটো অসম্ভৱ৷ জীৱনত সফলতা অৰ্জনৰ বাবে কোনো চমু পথ নাই৷ ইয়াত সমবেত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ধৈৰ্য্য, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ জীৱনটো উজলাই তুলিব লাগিব৷ নিজৰ নিজৰ জীৱনৰ লক্ষ্যপুৰণৰ বাবে কোনটো বিভাগলৈ মন মেলিম সেয়া নিৰ্ধাৰণ কৰাৰো এয়াই সঠিক সময়” মিছাইল মেন ড° এপিজে কলামৰ জীৱনৰ দৰ্শনৰ উদাহৰণ দি সোণোৱালে কয় যে উজ্বলিবলৈ হ’লে সূৰ্য্যৰ দৰে নিজে জ্বলিব লাগিব৷
মহান সমাজসেৱক প্ৰয়াত নন্দলাল বৰগোহাঁইদেৱৰ স্মৃতিচাৰণ কৰি সোণোৱালে কয়-“তেখেতৰ মানৱীয় অনুভূতি আৰু সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ মাজত তেখেতৰ জনপ্ৰিয়তা আছিল অভূতপূৰ্ব৷ আপুনি যিমানেই সফল নহওক কিয় আচাৰ-ব্যৱহাৰ, শিষ্টাচাৰ, মানৱীয় অনুভূতি সমূহৰ সৈতে কেতিয়াও আপোচ নকৰিব৷ নিজৰ শিপা পাহৰি নাযাব৷
তেখেতে মহামানৱ মহাত্মা গান্ধীৰ উক্তিৰ উদ্ধৃতি দি ছাত্ৰসমাজক উদ্দেশ্যি কয়-“ নিজৰ প্ৰয়োজন পূৰণৰ বাবে সকলোখিনি সম্পদ আমাৰ দেশত আছে, কিন্তু সেয়া লোভ পূৰণৰ বাবে পৰ্য্যাপ্ত নহয়৷ সেয়ে আমি জীৱনত লোভ সম্বৰণ কৰাটো অতি জৰুৰী৷ মানুহ যিমান স্বাৰ্থপৰ হলেও অন্তিম সময়ত সমাজ খনেই প্ৰয়োজন হৈ পৰে।সেই কাৰণে মানৱ সেৱা কৰিব লাগে,সমাজখনৰ হকে কাম কৰিব লাগে।”
এই অনুষ্ঠানতে সোণোৱালে তেখেতৰ বিভাগৰ অধীনত উপলব্ধ বিভিন্ন সংস্থাপনৰ সম্ভাৱনাৰ বিষয়ে নৱপ্ৰজন্মক অবগত কৰে৷ ডিব্ৰুগড়ৰ প্ৰতিষ্ঠা হবলগীয়া সামুদ্ৰিক উদ্যোগত দক্ষতা বিকাশৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰত বছৰি ৫০০০ উত্তৰশিক্ষাৰ্থীক প্ৰশিক্ষণ আৰু মানপত্ৰ প্ৰদানেৰে উপাৰ্জনমুখী কৰি তোলাৰ কথা দোহাৰে সোণোৱালে৷ অনুষ্ঠানৰ শেষত মহাবিদ্যালয় খনৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰি সৰ্বানন্দ সোণোৱালে যাৱতীয় কিছু সাহাৰ্য্য প্ৰদানৰ আশ্বাস দিয়ে।
ডিব্ৰুগড়ৰ বকপাৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম মটক সন্মিলনৰ ৮৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থাকে সৰ্বানন্দ সোণোৱাল৷ তেখেতৰ লগত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ শ্ৰী চন্দ্ৰ সেনাপতি, আহোম সভাৰ সভাপতি শ্ৰী শশাংক নেওগ, স্মৃতিগ্ৰন্থৰ উন্মোচক শ্ৰী মনোজ গোহাঁই, সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক শ্ৰী কিৰন ৰাজখোৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা ,অসম হাউচিং ব'ৰ্ডৰ অধ্যক্ষ শ্ৰী পুলক গোহাঁই , ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকাকে ধৰি বিশিষ্ট ব্যক্তিসকল।
অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত মটক সম্প্ৰদায়ৰ উল্লেখযোগ্য অৱদানৰ কথা সুঁৱৰি সোণোৱালে কয়- “ মটক জনগোষ্ঠী এটি দৃঢ়তা সম্পন্ন তথা শৃংখলাবদ্ধ জাতি৷ তেওঁলোকে কিবা এটা কাম কৰিম বুলি যদি সিদ্ধান্ত লয় তেতিয়া সেই কামটো একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সফল কৰি তোলে।আজি এই বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত প্ৰযুক্তিৰ ইতিবাচক প্ৰভাৱৰ দ্বাৰা আমাৰ সমাজৰ সাতামপুৰুষীয়া পৰম্পৰা আৰু মুল্যবোধৰ পৰা বিচলিত নোহোৱাকৈ জাতিৰ উত্তৰণ কৰিব লাগিব কিয়নো মানৱতা আৰু প্ৰযুক্তিৰ সামঞ্জস্যতা থাকিলেহে আমাৰ জাতিৰ অস্তিত্ব সদায় ৰক্ষা হৈ থাকিব।আমাক প্ৰযুক্তি লাগিব কিন্তু মানৱতাক বিসৰ্জন দি নহয় কিয়নো মানৱীয়তা অবিহনে আমাৰ সামাজিক তথা আত্মিক সম্পৰ্কবিলাকৰ প্ৰাসংগিকতা নোহোৱা হৈ যাব৷ আমাৰ মটক সম্প্ৰদায় সকলো ফালৰ পৰা বহুত বেছি শৃংখলাবদ্ধ আৰু এই শৃংখলাবদ্ধতাই এটা জাতিৰ উত্তৰণৰ ক্ষেত্ৰত বহুত ডাঙৰ ভুমিকা লোৱা দেখা যায়।গুৰুজনা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে আমাক যি আদৰ্শ দেখুৱাই থৈ গৈছে সেই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি এই জনগোষ্ঠীটোক সজাই তুলি আত্মনিৰ্ভৰশীল কৰিব লাগিব তেতিয়াহে আমাৰ অসম আত্মনিৰ্ভৰশীল হ'ব আৰু অসম আত্মনিৰ্ভৰশীল হলেহে ভাৰত আত্মনিৰ্ভৰশীল ভাৰত হিচাপে পৰিগণিত হ'ব।”
ইয়াৰ লগতে সোণোৱালে কয় যে আজিৰ এই প্ৰতিযোগিতাৰ যুগত এটা জাতিয়ে আগুৱাই যাবলৈ হ'লে জাতিটোৰ মাজত সাহসিকতা, মনোবল, একাগ্ৰতা আৰু দৃঢ়তা থকাটো প্ৰয়োজন তেতিয়াহে অসমীয়া জাতিয়ে পৃথিৱীৰ বুকুত শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
কেন্দ্ৰীয় মন্ত্ৰীজনে উঠি অহা প্ৰজন্মক কৃষি, বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত বা ক্ৰীড়া-সংস্কৃতিৰ ক্ষেত্ৰত নিজৰ আগ্ৰহ আৰু প্ৰতিভা অনুযায়ী নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবৰ বাবে উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

No comments