Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বিয়াৰ প্ৰাকক্ষণত বেণু মিশ্ৰ সোঁৱৰণী বঁটা গ্ৰহণ কৰিলে দক্ষিণ কামৰূপৰ কল্লাপাৰাৰ যুৱশিল্পী চিমি দাসে


 গুৱাহাটী , ৩০ নৱেম্বৰ :  প্ৰসিদ্ধ চিত্রশিল্পী বেণু মিশ্ৰৰ স্মৃতিত স্থাপিত বেণু মিশ্ৰ সোঁৱৰণী ন্যাস আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) ৰ পৃষ্ঠপোষকতাত প্ৰদান কৰি অহা  বেণু মিশ্ৰ সোঁৱৰণী এন আৰ এল ২০২৫  বঁটা প্ৰদান অনুষ্ঠানটো আজি সন্ধিয়া গুৱাহাটীৰ  উজানবজাৰস্থিত বিৱেকানন্দ কেন্দ্রৰ প্ৰেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ সভা  অনুষ্ঠিত  হয়। 

উল্লেখ্য যে এইবেলি বেণু মিশ্ৰ সোঁৱৰণী জ্যেষ্ঠ শিল্পী বঁটা লাভ কৰিছে বর্তমান নয়দা নিবাসী , অসম সন্তান বিশিষ্ট চিত্রশিল্পী , ভাৰতীয় সেনাৰ অভিযান্ত্ৰিক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল জিতেন হাজৰিকাক । তেওঁক শিল্পকলা ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে এই বঁটা প্ৰদান কৰা হৈছে। আনহাতে যুৱ শিল্পী বঁটা লাভ কৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা কিছু নিলগৰ কল্লাপাৰা গাঁৱৰ প্ৰতিভাবান যুৱশিল্পী চিমি দাসে ।

 উল্লেখ্য যে চিমি দাসৰ ৩০ নৱেম্বৰত শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে। অৰ্থাৎ বিয়াৰ প্ৰাকক্ষণত প্ৰায় কইনাৰ সাজেৰে পৰিয়ালৰ লোকৰ সৈতে আহি চিমি দাসে সভা আৰম্ভ হোৱাৰ পূৰ্বেই বিবেকানন্দ কেন্দ্ৰত উপস্থিত হৈ বঁটা গ্ৰহণ কৰাই নহয় ভাষণ প্ৰদান কৰি প্ৰায় দুই ঘণ্টা সময় সভাত অতিবাহিত কৰে। আনকি সভাত উপস্থিত সকলোকে চিমি দাসে নিজৰ বিবাহৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই আশীৰ্বাদ কামনা কৰে । 


 

 আনহাতে নম্ৰতা শৰ্মাই আঁত ধৰা সভাত উপস্থিত সকলোকে  আদৰণি জনায় ন্যাসৰ সাংগঠনিক সম্পাদক কিশোৰ কুমাৰ দাসে। সভাত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপক লেখক -সমালোচক, ৰঞ্জিত কুমাৰ দেৱ গোস্বামী , বিশিষ্ট অতিথি হিচাপে কবি-সাহিত্যিক গৌতম প্রসাদ বৰুৱা,  আৰু সন্মানীয় অতিথি হিচাপে নুমলীগড় তেল শোধনাগাৰৰ প্ৰাক্তন মুখ্য পৰিচালন সঞ্চালক ডঃ ভূপতি দাস , মুখ্য মহা প্রবন্ধক ডঃ কাজল শইকীয়া,  গুৱাহাটী আর্টিষ্টছ গীল্ডৰ সভাপতি খনিন দাস উপস্থিত থাকে। 

সভাত ভাষণ প্ৰসংগত বক্তাসকলে  শিল্পী বেণু মিশ্ৰৰ জীৱন আৰু সৃষ্টিৰ কথা সোঁৱৰণ কৰে । তেনেদৰে  বঁটাপ্রাপক শিল্পীদ্বয় জিতেন হাজৰিকা আৰু চিমি দাসে এই সন্মানীয়  বঁটাৰ বাবে তেওঁলোকক বাছনি কৰাৰ কাৰণে ইয়াৰ লগত জড়িত সকলোকে কৃতজ্ঞতা জনাই চমুকৈ মনৰ ভাব প্রকাশ কৰে। 

উল্লেখ্য যে বঁটাৰ ভিতৰত জ্যেষ্ঠ শিল্পী , অৱসৰপ্ৰাপ্ত কৰ্ণেল জিতেন হাজৰিকাক ডেৰ লাখ টকাৰ চেক, যুৱ শিল্পী চিনমি দাসক  এক লাখ টকা চেকৰ লগতে দুয়োগৰাকীলৈ বিশিষ্ট ভাস্কৰ বিজু দাসৰ দ্বাৰা নিৰ্মিত স্মাৰক, মানপত্ৰ, চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰা হয় ।  আৰম্ভণিতে চিত্রশিল্পী বেণু মিশ্ৰৰ লগতে সদ্য প্রয়াত বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গ, দীপক শৰ্মা, ৰামচৰণ ভৰালী চৈয়দ ছাদুল্লালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই ন্যাসৰ সম্পাদিকা ৰঙ্গনা মিশ্রই ।

No comments

Powered by Blogger.