Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব শিশু দিৱস উদযাপন


গুৱাহাটী ,২১ নৱেম্বৰ  :  গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত আই কিউ এ চিৰ উদ্যোগত ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস উদযাপন কৰা হয়। মূলতঃ শিশুৰ অধিকাৰ হকে সজাগতা সৃষ্টিৰ বাবে আয়োজিত বিশ্ব শিশু দিৱস কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত কলেজৰ শিক্ষক - শিক্ষাৰ্থীসকলে ভাগ লয়। আনহাতে বিশ্ব শিশু দিৱস উপলক্ষে কলেজৰ চৌহদৰ পৰা মালিগাওঁ - পাণ্ডু সংযোগী পথলৈ এক সমদল উলিওৱা হয়। কলেজৰ অধ্যক্ষা ডঃ গীতাঞ্জলি চৌধুৰীৰ নেতৃত্বত উলিওৱাসমদলত ভাগ লোৱা শিক্ষাৰ্থীসকলে হাতে - হাতে বেনাৰ, পোষ্টাৰ , প্লে-কাৰ্ড লৈ শিশুৰ শিক্ষাৰ অধিকাৰ অক্ষুণ্ণ ৰাখক, শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰা কাৰ্য বন্ধ ৰাখক আদি শ্লোগান দিয়ে। সমদলৰ পূৰ্বে আয়োজিত এক চমু অনুষ্ঠানত কলেজৰ অধ্যক্ষা ডঃ গীতাঞ্জলি চৌধুৰীয়ে বিশ্ব শিশু দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি শিশুক ফুলৰ লগত তুলনা কৰি সকলো শিশুৱে যাতে শিক্ষা লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


 

 

No comments

Powered by Blogger.