Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত চাইবাৰ সুৰক্ষা বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন


 
গুৱাহাটী, নৱেম্বৰ ২১ : চাইবাৰ সুৰক্ষা বৰ্তমান সময়ত সমগ্ৰ ভাৰতৰ বাবে এক উল্লেখযোগ্য গুৰুত্বপূৰ্ণ বিষয়। দেশৰ চাইবাৰ সুৰক্ষাক গুৰুত্ব প্ৰদান কৰাৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্‌ছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্রযুক্তি প্রতিষ্ঠান (নাইলিট)ৰ উদ্যোগত আৰু অসম আৰক্ষী, গুৱাহাটী বিশ্ববিদ্যালয় তথা অসম চৰকাৰৰ তথ্য-প্রযুক্তি বিভাগ আৰু ভাৰতীয় ইউনাইটেড ছার্ভিচ ইনষ্টিটিউচনৰ সহযোগত ১৯ নৱেম্বৰ তাৰিখৰ পৰা দুদিনীয়াকৈ 'Secure Bharat: Fortifying India's Digital Future' বিষয় শীর্ষক দ্বিতীয় বার্ষিক CYBER SECURITY, DIGITAL FORENSICS & INTELLIGENCE ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়।

উদ্বোধনী অনুষ্ঠানত নাইলিট অসম আৰু নাগালেণ্ডৰ সঞ্চালক এল লানুৱাবাং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত, অসম চৰকাৰৰ তথ্য-প্রযুক্তি বিভাগৰ মুখ্য সচিব কে এছ গোপীনাথ নাৰায়ণ, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান সুৰেন্দ্র কুমাৰ, মাইক্ৰ'ছফ্টব ৰাজহুৱা খণ্ডৰ মুৰব্বী কেশ্রী কুমাৰ আস্থানা আৰু উইপ্ল'ৰ গ্ল'বেল ডাটা প্রাইভেচী বিষয়া সন্দেশ যাদৱ উপস্থিত থাকে। 

আদৰণি ভাষণ প্ৰদান কৰি মেইটি আৰু নাইলিটৰ সঞ্চালক এল লানুৱাবাঙে সন্মিলনৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে যে, "চাইবাৰ ছিকিউৰ ভাৰত কেৱল এটা লক্ষ্য নহয় - ই ভাৰতৰ ডিজিটেল নিৰাপত্তাৰ দিশে আগবঢ়োৱা এক ৰাষ্ট্ৰীয় অভিযান। নিৰাপদ ডিজিটেল পৰিৱেশেই শক্তিশালী ভাৰত গঢ়াৰ প্ৰাথমিক স্তৰ।”

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই সন্মিলন সম্পৰ্কে নিজৰ স্থিতি প্ৰকাশ কৰি উল্লেখ কৰে যে, "চাইবাৰ ছিকিউৰিটি, ডিজিটেল ফৰেনছিকছ আৰু ইনটেলিজেন্সৰ দৃঢ় জ্ঞানে ডিজিটেল যুগত সুৰক্ষা আৰু আস্থা দুয়োকে শক্তিশালী কৰে। গুৱাহাটী বিশ্ববিদ্যালয় এই ক্ষেত্ৰত দক্ষ মানৱ সম্পদ গঢ়ি তোলাত আগবাঢ়ি গৈ সমাজত বিশেষ ভূমিকা পালন কৰি আহিছে। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ শৈক্ষিক কাৰ্যসূচী প্ৰৱৰ্তনৰ প্ৰসঙ্গ এই ক্ষেত্ৰত অন্যতম।”

দুদিনী়য়া উক্ত অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰী শান্তনু বৰগোহাঁই, এড. সঞ্চালক ( গুৱাহাটী), অধ্যাপক এম.এম. ত্ৰিপাঠী (Director General NIELIT and Vice Chancellor NIELIT Deemed to be University), শ্ৰীমতী ড⁰ নন্দিতা দত্ত (IAS, Secretary to the Govt. of Assam, IT Department), শ্ৰীমতী শৰ্মিষ্ঠা বৰুৱা (APS, Assistant Inspector General of Police (Welfare), Assam Guwahati), অধ্যাপক ভবেন তাঁতী, ড° ৰবিন কুমাৰ (IPS), Director (i/c), Directorate of Forensic Science, Assam) সমন্বিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 

ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা দুদিনীয়া চাইবাৰ ছিকিউৰিটি এণ্ড ডিজিটেল ফৰেনছিক প্ৰদৰ্শনীত অত্যাধুনিক তদন্তমূলক সঁজুলি, উন্নত ফৰেনছিক হার্ডৱেৰ, এ আই সক্ষমতাযুক্ত চাইবাৰ সুৰক্ষা প্লেটফর্ম, ম'বাইল ফৰেনছিক ব্যৱস্থা, ডিফেক্ট ধৰা পেলোৱা প্রযুক্তি, বেনছমৱেৰ বিশ্লেষণ সমাধান আৰু শেহতীয়া অত্যাধুনিক ডিজিটেল পদ্ধতিৰ প্রদর্শন কৰা হয়।

No comments

Powered by Blogger.