Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জাগা উঠা জগোৱা, জাষ্টচ ফ'ৰ জুবিন,জয় জুবিন দা, ধ্বনিত মুখৰিত মালিগাওঁ। মানস ৰবীনৰ সুৰৰ সোপানে সোপানে জুবিন গাৰ্গৰ ওপজা দিন উদযাপন।


 
গুৱাহাটী ২০ নৱেম্বৰ: জাষ্টিচ ফ'ৰ জুবিন । উঠা জাগা জগোৱা। জয় জুবিন দা, এইদৰে জাগৰণৰ সূচনা কৰি ৰে'ল কৰ্মচাৰী সকলে অতি সোনকালে ন্যায় বিচাৰি ৫৩ সংখ্যক জন্মদিন উদযাপন কৰে মালিগাঁৱত। দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে  জাতিৰ স্পন্দন প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সুৰৰ অৰ্ঘ্যৰে পালন কৰা হয় জন্মদিন। এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ মালিগাওঁ শাখা ,পাণ্ডু শাখা, মহিলা শাখা আৰু নিৰ্মাণ শাখাৰ যৌথ উদ্যোগত ১৮ আৰু ১৯ নৱেম্বৰত পালন কৰা হয় হাৰ্টথ্ৰবৰ জন্মদিন। 

এন এফ ৰে'লৱে মালিগাঁৱস্থিত মহাপ্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত জন্মদিনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি জুবিন দাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ, তেওঁৰ প্ৰিয় গছ নাহৰ পুলি ৰূপন, ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰা উপৰি অনাথ আশ্ৰমৰ শিশু সকলৰ প্ৰতি আগবঢ়োৱা হয় ফল-মূলৰ লগতে কাগজ কলম পেঞ্চিল আদি। আজি দ্বিতীয় দিনা ৰেলৱে উচ্চপদস্থ বিষয়া কৰ্মচাৰীৰ লগতে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই ৰখাৰ প্ৰয়াসেৰে এন এফ ৰে'লৱেৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাঙ্গনক কৰিতোলে জুবিনময়। 


 

গুণমুগ্ধ অনুৰাগী সকলে মায়াবিনী গীত গাই গাই আকাশলৈ দৃষ্টি নিক্ষেপ কৰি আশাৰে বাট চাইছে আকৌ ঘূৰি আহক শুকুলা ডাৱৰ ফালি প্ৰাণৰ শিল্পী গৰাকী। এই আশাৰে মানৱ দৰদী শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ধূপ-ধূণা বন্তি প্ৰজ্বলন কৰি ৰে'ল কৰ্মচাৰী সকলে প্ৰাৰ্থনা জনাই অশ্ৰু নিগৰাই। ৰে'ল কৰ্মচাৰী সকলৰ দ্বাৰা আয়োজিত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব গৰাকীৰ জন্মদিনৰ অনুস্থানত অতিথি শিল্পী ৰূপে উপস্থিত থাকে অসমৰ অন্যতম জনপ্ৰিয় কন্ঠশিল্পী মানস ৰবীন আৰু তেওঁৰ কেইবাগৰাকী সতীৰ্থ শিল্পী। অসম কন্ঠ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনৰ উপলক্ষে বিয়লি এখনি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয়।  

 ৰে'ল শ্ৰমিক নেতা পঙ্কজ কলিতাই সঞ্চালনা কৰা স্মৃতি চাৰণ সভাত মানস ৰবীনে সুৰৰ সোপানে সোপানে জুবিন দাৰ জন্মদিন উপলক্ষে ৰচনা আৰু সুৰেৰে কন্ঠদান কৰা "জয় জুবিন দা" শীৰ্ষক এটি গীত গাই অৰ্পণ কৰে একাজলি শ্ৰদ্ধাঞ্জলি। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৰে'ল শ্ৰমিক নেতা আশীস বিশ্বাস, মুখ্য কাৰ্মীক বিষয়া ক্ৰমে টিম'থি টি গুণমাই,সুশাঙ্ক শৰ্মা ৰে'ল শ্ৰমিক নেতা উত্তম ভট্টাচাৰ্য্য,চুচেন হাজৰিকা,কল্পনা ৰাজকুমাৰ, নেকিবুৰ জামান, ধীৰাজ চৌধুৰী আদি উপস্থিত থাকে। 


অনুস্থানত মুচাফিৰ বেণ্ডৰ সংগীত পৰিবেশন, পূৰ্বোত্তৰ ইনষ্টিটিউট ফ'ৰ পাৰ্চনচ উইথ ডিছবেলিটিছ ( পিপুড)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংগীতানুষ্ঠান আৰু কবিতা আবৃত্তিয়ে মন্ত্ৰ মুগ্ধ কৰে। আই অসম গ্ৰুপৰ সংগীতালেখ্য, এন এফ ৰে'লৱে সাংস্কৃতিক সন্থাৰ দ্বাৰা পৰিবেশন কৰা সংগীতানুষ্ঠান, বিশিষ্ট চিত্ৰশিল্পী বিশ্বজিৎ বৈদ্যৰ#JusticForGuzeenGarg শীৰ্ষক লাইভ চিত্ৰাংকণ অনুস্থান,এক্সহৰ্ট ডান্স একাডেমীৰ দিব্যাঙ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নৃত্য প্ৰদৰ্শনৰ উপৰি বিশিষ্ট শিল্পী উদয় শংকৰ ভূঞাই পৰিবেশন কৰা অনুস্থানে জীপাল কৰে যুগান্তকাৰী শিল্পী জুবিন গাৰ্গৰ জন্মদিন।

No comments

Powered by Blogger.