যুগজয়ী শিল্পী সুৰৰ সম্ৰাট জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে বিস্তৃত কাৰ্যসূচীৰে পালন কৰিছে।
গুৱাহাটী ১৮ নৱেম্বৰ : প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই থাকিব হাৰ্টথ্ৰব। যুগজয়ী শিল্পী সুৰৰ সম্ৰাট জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনত ৰে'ল শ্ৰমিক কৰ্মচাৰী সকলেও হিয়া উজাৰি কৰিছে স্মৰণ। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন মালিগাঁৱতো এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে বিস্তৃত কাৰ্যসূচীৰে পালন কৰিছে। ১৮ আৰু ১৯ নৱেম্বৰত এন এফ ৰে'লৱে মালিগাঁৱস্থিত মহাপ্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাঙ্গনত দুদিনীয়াকৈ পালন কৰিছে মজদুৰ ইউনিয়নে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা দহ বজাত মানৱ দৰদী শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট ৰে'ল শ্ৰমিক নেতা চুচেন হাজৰিকা,বন্ধন মজুমদাৰ, উত্তম ভট্টাচাৰ্য্য,কল্লোল দেৱ শৰ্মা হীৰেণ ডেকা, দেবেন মিলি, পঙ্কজ কলিতা, মহিলা নেত্ৰী আছমী আহমেদ মৌচুমী ভৰালীকে ধৰি মালিগাওঁ, পাণ্ডু আৰু নিৰ্মাণ শাখাৰ নেতা কৰ্মী সকলে।
ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমী হাৰ্টথ্ৰবৰ প্ৰিয় গছ নহৰ পুলি ৰূপন কৰা হয় এন এফ ৰে'লৱে মালিগাঁৱস্থিত মহাপ্ৰৱন্ধকৰ কাৰ্যালয় চৌহদত। এই বৃক্ষৰোপণ কাৰ্যসূচীত নাহৰ গছ পুলি ৰূপন কৰে এন এফ ৰে'লৱেৰ ডেপুটি জেনেৰেল মেনেজাৰ অনুৰাগ আগৰৱালাই। গুণমুগ্ধ ৰে'ল শ্ৰমিক কৰ্মচাৰী সকলে জুবিন গাৰ্গৰ জন্মদিনৰ লগতে সদ্য প্ৰয়াত জনপ্ৰিয় কন্ঠশিল্পী,কবি,সুৰকাৰ তথা গতীকাৰ ছৈয়দ ছাদুল্লা, লোক সংগীতৰ সাধক নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালী আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় মজদুৰ ইউনিয়নৰ মালিগাওঁ পাণ্ডু আৰু নিৰ্মাণ শাখাৰ তৰফৰ পৰা।
জাতিৰ স্পন্দন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষ্যে এন এফ ৰে'লৱেৰ মালিগাঁৱস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত ৰোগী আৰু অনাথ আশ্ৰমৰ শিশু সকলৰ মাজত ফল-মূল বিতৰণৰ উপৰি অনাথ শিশু সকলক কাগজ,কলম পেঞ্চিল আদি বিতৰণ কৰা হয়। এই কাৰ্যসূচীত প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ ড° ডি কে ঘোষ,চিকিৎসা নিৰ্দেশক বিষ্ণুপ্ৰসাদ ডেকা, চিকিৎসা বিষয়া মানিক চন্দ্ৰ মেধি আৰু অনামিকা ফুকনে প্ৰিয় শিল্পী গৰাকীলৈ জন্মদিনৰ স্মৃতি তৰ্পণ কৰে।


No comments