Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ড⁰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত বক্তৃতানুষ্ঠান



 গুৱাহাটী, নৱেম্বৰ ১৩: ভূপেন হাজৰিকা এগৰাকী শিল্পী নহয়, এটা যুগৰ কণ্ঠ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত সুধাকণ্ঠ ড ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্দেশ্যৰে ধাৰাবাহিকভাৱে বছৰজোৰা চলি থকা বিশেষ বক্তৃতানুষ্ঠানৰ অংশ হিচাপে ১২ নৱেম্বৰ, ২০২৫ তাৰিখে আয়োজিত বক্তৃতানুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ববিতা শৰ্মা সমল ব্যক্তিৰূপে উপস্থিত থাকে।

অনুষ্ঠানৰ অংশ হিচাপে সুধাকণ্ঠৰ স্মৃতিত নিৰ্মাণ কৰা ‘Bhupen da Uncut’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয়। বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ববিতা শৰ্মাই ড ভূপেন হাজৰিকাৰ জীৱন, সংগীতযাত্ৰা আৰু সমাজ-সাংস্কৃতিক অৱদান সম্পৰ্কে নিজৰ অভিজ্ঞতা তথা চিনেমা আৰু টেলিভিছনৰ অনুষ্ঠান নিৰ্মাণৰ বিভিন্ন দিশত  শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে।

বিভাগৰ মুৰব্বী অধ্যাপক ড চন্দন কুমাৰ গোস্বামীয়ে বক্তৃতানুষ্ঠান সম্পৰ্কে উল্লেখ কৰে যে, " ভূপেন হাজৰিকা অসমৰ বাবে এক চিৰস্থায়ী প্ৰেৰণা। তেওঁৰ জীৱন সংগীত আৰু সমাজচেতনাৰ মিলনৰ এক উল্লেখযোগ্য নিদৰ্শন। ববিতা শৰ্মাৰ দৰে প্ৰতিষ্ঠিত ব্যক্তিত্বৰ সৈতে এইধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পোৱাটো শিক্ষাৰ্থীসকলৰ বাবে এটা মূল্যৱান অভিজ্ঞতা। এই ধৰণৰ ধাৰাবাহিক বক্তৃতানুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীসকলে সমাজ, শিল্প আৰু মিডিয়াৰ সৈতে অধিক সংযোজিত হ'ব পাৰিব।”

অনুষ্ঠানত বক্তৃতানুষ্ঠানৰ সমন্বয়ক ড ভাৰতী ভড়ালী, সহ-সমন্বয়ক ড নীলাক্ষী কলিতা, লগতে বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।

No comments

Powered by Blogger.