বন্দে মাতৰম' সৃষ্টিৰ ১৫০ বছৰ পূৰ্ণ হোৱাৰ গৌৰৱময় ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে মাতৰমৰ বৰ্ষজোৰা জয়ন্তী অনুষ্ঠানৰ শুভ উদ্বোধন কৰে
গুৱাহাটী, ৭ নৱেম্বৰ : দেশৰ একতা, অখণ্ডতা আৰু ৰাষ্ট্ৰচেতনাৰ বাৰ্তা বহন কৰি অহা ৰাষ্ট্ৰ গীত 'বন্দে মাতৰম' সৃষ্টিৰ ১৫০ বছৰ পূৰ্ণ হোৱাৰ গৌৰৱময় ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে মাতৰমৰ বৰ্ষজোৰা জয়ন্তী অনুষ্ঠানৰ শুভ উদ্বোধন কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানত সংযুক্ত হয়। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ বিষয়া, কৰ্মচাৰী আৰু গণ্য-মান্য ব্যক্তিসকলৰ সৈতে যোগদান কৰি বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰে আৰু গীতটিৰ স্ৰষ্টা বংকিমচন্দ্ৰ চেটাৰ্জীক শ্ৰদ্ধাৰে স্মৰণ কৰি মা ভাৰতীলৈ প্ৰণাম জনায়। এই সময়ছোৱাত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক প্ৰবীণ বৰা উচ্চপদস্থ বিষয়াসকল প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

No comments