Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ জাঁকজমকপূর্ণ শুভাৰম্ভ


 

গুৱাহাটী, ১ নৱেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তথা অসমৰ সাংস্কৃতিক, সামাজিক আদি দিশকে ধৰি সামগ্ৰিক উন্নয়নৰ বাটকটীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ 'আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ'ৰ আনুষ্ঠানিকভাৱে ১ নৱেম্বৰ তাৰিখে আৰম্ভণি হয়। উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপ ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ কুলদীপ পাটগিৰি, সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্ত, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম কলিতা, সাধাৰণ সম্পাদক কৌশিক বৰুৱা, অধ্যাপক-অধ্যাপিকা, বিশিষ্ট ব্যক্তিসকল সমন্বিতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সমূহ বিষ়ববীয়াসকল তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।



বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত ভাৰত ৰত্ন ড⁰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক একাঁজলি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ যুগজয়ী সৃষ্টি 'মানুহে মানুহৰ বাবে' আৰু  'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীত দুটি পৰিৱেশন কৰা হয়। 

যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা সমূহ মহাবিদ্যালয়ক উদ্দেশ্যি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি উল্লেখ কৰে যে, "যুৱ মহোৎসৱ কেৱল এটা সাংস্কৃতিক অনুষ্ঠান নহয়, ই হৈছে শিক্ষাৰ্থীসকলৰ ঐক্য, সৃষ্টিশীলতা আৰু ব্যক্তিত্বৰ প্ৰতিফলন। প্ৰতিবছৰে এই উৎসৱে আমাৰ বিশ্ববিদ্যালয়ক এক নতুন উৎসাহ প্ৰদান কৰে। বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যি আন্তৰিকতাৰে ইয়াত অংশগ্ৰহণ কৰে, সেইটো এই উৎসৱৰ সৰ্বশ্ৰেষ্ঠ শক্তি।আশাকৰোঁ, এই বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱে সকলোৰে মনত এক স্মৰণীয় অধ্যায় হিচাপে স্থান লাভ কৰিব।”



একতাৰ বান্ধোনৰে ৰঙীন সাংস্কৃতিক শোভাযাত্ৰাত সুদক্ষ অভিনেতা আৰু পৰিচালক হিমাংশু প্ৰসাদ দাস, হোলী গীত বিশেষজ্ঞ প্ৰমথ ৰঞ্জন দাস আৰু বিশিষ্ট অভিনেতা জিতুমণি দেৱ চৌধুৰী বিচাৰক আৰু অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মা উদ্বোধক হিচাপে উপস্থিত থাকে। 

বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা এই মহোৎসৱত অসমৰ প্ৰায় ৬০ খনতকৈও অধিক মহাবিদ্যালয় আৰু ৭০০ তকৈ অধিক প্ৰতিভাৱান শিক্ষাৰ্থীয়ে সংগীত, নৃত্য, সাহিত্যিকে ধৰি বিভিন্ন প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। 

উল্লেখযোগ্য যে এই বৰ্ষৰ যুৱ মহোৎসৱত অসমৰ প্ৰাণ, অমৰ শিল্পী জুবিন গাৰ্গদেৱক শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁৰ সৃষ্টিৰাজিক আগুৱাই নিয়াৰ স্বাৰ্থত 'জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্ৰতিযোগিতা' শীৰ্ষক এক বিশেষ প্ৰতিযোগিতাৰ শিতান অন্তৰ্ভুক্ত কৰা হৈছে।





No comments

Powered by Blogger.