Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

আজাৰা কাঁহিকুছিত বজাৰত জাগদ্ধাত্ৰী পূজাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন


 
গুৱাহাটী ,৩০  অক্টোবর: আজাৰা ৰাজহ চক্ৰ এলেকাৰ কাঁহিকুছি বজাৰত বুধৱৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা ৭২ তম সাৰ্বজনীন শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ  প্ৰথম দিনা সন্ধিয়া জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। 
আজাৰা ৰাজহ চক্ৰ এলেকাৰ কাঁহিকুছি বজাৰত বুধবার সন্ধিয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়

অনুষ্ঠানৰ আৰম্ভণিতে উদযাপন সমিতিৰ সভাপতি ধৰণীধৰ মহন্তই শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু উপসভাপতি দ্বিজেন চন্দ্ৰ বৈশ্যই পুস্পাঞ্জলি প্ৰদান কৰে। ইয়াৰ পিছতে উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে উপস্থিত ৰাইজ আৰু ব্যৱসায়ী সকলে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত জুবিন গাৰ্গৰ মায়াবিনী গীতটো উপস্থিত ৰাইজে সমূহীয়া ভাবে পৰিৱেশন কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পূজাৰ তিনিও দিন চলি থাকিব বুলি উদ্যোক্তাসকলে সদৰী কৰিছে।

No comments

Powered by Blogger.