Wednesday, October 29, 2025

অপৰূপাৰ উদ্যোগত কৰ্কট ৰোগ বিষয়ক সজাগতা অনুষ্ঠান

 

গুৱাহাটী ,২৯ অক্টোবৰ : কৰ্কট  ৰোগত আক্ৰান্ত লোকৰ সহায়ৰ হকে জন্মলগ্নৰে পৰা কাম কৰি অহা অনা চৰকাৰী সংস্থা 'অপৰূপা'ৰ বাৰ্ষিক অনুষ্ঠান “অপৰূপা মহিয়সী যুঁজাৰু নাৰী বঁটা” আৰু অপৰূপা বঁটা প্ৰদান অনুষ্ঠানটো ২৬ অক্টোবৰত গুৱাহাটীৰ মালিগাওঁস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।  বলিউড জগতৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত ৫০ জন কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ  প্ৰতিজনকে  দহ হাজাৰ  টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷ 

লগতে ৰেহাই মূল্যত ঔষধ আৰু দুই চক্ৰৰ কেমোথেৰাপীৰ সুবিধা প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও অনুষ্ঠানত  প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ সোৱঁৰণত অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা  ৪ জন ব্যক্তিক বিশেষ বঁটা  প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি মেকআপ আৰ্টিষ্ট আৰু মেহেন্দি ডিজাইন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ 

 

আনহাতে অনুষ্ঠানত ভাগ লৈ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীয়ে ভাষণ প্ৰসংগত অপৰূপাৰ এনে মহান প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে আৰু প্ৰতিষ্ঠাপক ৰুণা লাইলাৰ শলাগ লয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ , বিশিষ্ট সাহিত্যিক ডঃ দয়ানন্দ পাঠক , প্ৰবীণ অভিনেতা - অভিনেত্ৰী ক্ৰমে - অতুল পাচনী, চেতনা দাস, ৰবি শৰ্মা, পুৰাণ গগৈ আৰু কাশ্মীৰী শইকীয়া বৰুৱাই ভাগ লৈ অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। আনহাতে অনুষ্ঠানত অপৰূপাৰ প্ৰতিষ্ঠাপক ৰুণা লাইলা, মেঘনা কলিতা আৰু হৰজ্যোতি ডেকাই এজনকৈ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ প্ৰতিপালনৰ দায়িত্ব লব বুলি ঘোষণা কৰে। 

একেদৰে অনুষ্ঠানত উপস্থিত থকা আন কেইবাজনেও কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি অহা অপৰূপাক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ৰুণা লাইলাই অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

No comments:

Post a Comment