Thursday, October 30, 2025

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ আৰম্ভ


 

 গুৱাহাটী, অক্টোবৰ ৩০: উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তথা অসমৰ সাংস্কৃতিক, সামাজিক আদি দিশকে ধৰি সামগ্ৰিক উন্নয়নৰ বাটকটীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ 'আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ' অহা ৩১ অক্টোবৰ তাৰিখৰ পৰা ৪ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত অসমৰ প্ৰায় ৬০ খনতকৈও অধিক মহাবিদ্যালয় আৰু ৭০০ তকৈ অধিক প্ৰতিভাৱান শিক্ষাৰ্থীয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। 

পাঁচদিনীয়া যুৱ মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীত মহাবিদ্যালয়সমূহৰ পঞ্জীয়ন, দ্বিতীয় দিনা পতাকা উত্তোলন, উদ্বোধনী সভা, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে পৰ্যায়ক্ৰমে বিভিন্ন স্থানত শাস্ত্ৰীয় নৃত্য (একক), বৰগীত, আকস্মিক বক্তৃতাকে ধৰি অন্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। পৰৱৰ্তী দিন কেইটাত পৰম্পৰাগত লোকনৃত্য, বনগীত, কাৰ্টুনিং, কুইজ, তৰ্ক, মুকাভিনয়, ভূপেন্দ্ৰ সংগীতকে ধৰি ৩০ তকৈ অধিক প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুবিধা লাভ কৰিব। 

উল্লেখযোগ্য যে এই বৰ্ষৰ যুৱ মহোৎসৱত অসমৰ প্ৰাণ, অমৰ শিল্পী জুবিন গাৰ্গদেৱক শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁৰ সৃষ্টিৰাজিক আগুৱাই নিয়াৰ স্বাৰ্থত 'জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্ৰতিযোগিতা' শীৰ্ষক এক বিশেষ প্ৰতিযোগিতাৰ শিতান অন্তৰ্ভুক্ত কৰা হৈছে। 

যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলগীয়া সমূহ মহাবিদ্যালয় আৰু প্ৰতিযোগীক উদ্দেশ্যি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই শুভেচ্ছা বাৰ্তা প্ৰদান কৰি উল্লেখ কৰে যে, "যুৱ মহোৎসৱ কেৱল প্ৰতিযোগিতাৰ মঞ্চ নহয় — ই হৈছে ঐক্য, সম্প্ৰীতি আৰু প্ৰতিভাৰ মিলনস্থলী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিজন শিক্ষাৰ্থী এই উৎসৱৰ আত্মা। আশা কৰিছোঁ, বিভিন্ন মণ্ডলত স্থান লাভ কৰা মহাবিদ্যালয়সমূহৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীয়ে ইয়াতে শ্ৰেষ্ঠত্ব অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব।"

বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ সচিব তথা ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, বিশ্ববিদ্যালয় কর্তৃপক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই যুৱ মহোৎসৱটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে।

No comments:

Post a Comment