Thursday, October 9, 2025

জ্যেষ্ঠ নাগৰিক দিৱসত আজাৰাত ৮০ ৰ উৰ্দ্ধৰ নাগৰিকক সম্বৰ্ধনা

 


গুৱাহাটী ৯  অক্টোবৰ : জ্যেষ্ঠ নাগৰিক মঞ্চ,আজাৰাৰ উদ্যোগত  আজাৰাস্থিত ডনবস্ক বিশ্ববিদ্যালয়ৰ সভাকক্ষত ৫ অক্টোবৰত  দিনযোৰা কাৰ্যসূচীৰে সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত হয়। বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে আয়োজিত  অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে জ্যেষ্ঠ নাগৰিক মঞ্চ আজাৰাৰ সভাপতি বিনয় কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দ্যেশ্য বাখ্যা  কৰে সাধাৰণ সম্পাদক মুনীন্দ্ৰ চন্দ্ৰ গোস্বামীয়ে।সভাত জ্যেষ্ঠ নাগৰিক মঞ্চ আজাৰাৰ আশীৰ উৰ্ধৰ পাঁচ গৰাকী জ্যেষ্ঠ নাগৰিকক ফুলাম গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা জ্যেষ্ঠ নাগৰিক কেইগৰাকী ক্ৰমে কন্দৰ্প দত্ত চৌধুৰী, হালিম মহম্মদ, সূৰ্য কলিতা ,জীৱন কলিতা আৰু ভূপেন্দ্ৰ কুমাৰ শৰ্মা। ইয়াৰোপৰি আজাৰা আৰু মিৰ্জাপুৰৰ দুগৰাকী জ্যেষ্ঠ নাগৰিক ক্ৰমে লক্ষেশ্বৰী গগৈ আৰু খগেন দাসকো বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বাণেশ্বৰ খাউণ্ড, সাধাৰণ সম্পাদক  প্ৰসন্ন কুমাৰ বৰঠাকুৰ, কামৰূপ মহানগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক যজ্ঞেশ্বৰ গগৈ আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে। আনহাতে   সভাত  মঞ্চৰ উদ্যোগত অনুষ্ঠিত ৰচনা আৰু কেৰম প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। সভাত আজাৰা নিবাসী তথা শ্বিলঙৰ ছেণ্ট এন্থনীজ কলেজৰ সহযোগী অধ্যাপিকা , সুগায়িকা ডঃ কান্তা কাবেৰী দাস আৰু ধৰিত্ৰী দাসে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। ইয়াৰ পূৰ্বে জ্যেষ্ঠ নাগৰিক মঞ্চ আজাৰাৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰা হয়।

No comments:

Post a Comment