পশ্চিম গুৱাহাটীৰ খানাজানৰ ওপৰত ফুকনৰপাৰ-কেহেৰুবাৰীৰ মাজত পকী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ নহল
গুৱাহাটী, ২৪ অক্টোবৰ : মহানগৰীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পশ্চিম জালুকবাৰীৰ খানামুখৰ ফুকনৰপাৰ আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখৰ কেহেৰুবাৰীৰ মাজত এখন বাহন চলাচল কৰিব পৰা এখন পকী তথা কংক্ৰিটৰ দলং নিৰ্মাণ হব বুলি বিগত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাজহুৱাভাবে ঘোষণা কৰিছিল। কিন্তু এই প্ৰস্তাৱ লৈ ঘোষণা কৰাৰ চাৰে তিনি বছৰ উকলি গ'ল আজিলৈকে পকী তথা কংক্ৰীটৰ দলঙৰ কোনো ধৰণৰ কাম কৰা পৰিলক্ষিত নহল।
উল্লেখ্য যে, বিধায়ক কলিতাই ঘোষণা কৰাৰ প্ৰায় এমাহ পূৰ্বে বিধায়ক কলিতাৰ নিৰ্দেশত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ তেতিয়াৰ গুৱাহাটী চক্ৰৰ অধীক্ষক অভিযন্তা আৰু পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দুজনে খানামুখ অঞ্চল ভ্ৰমণ কৰি কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মাজত দলং নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰি কোনফালে দলং নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হব তাৰ এক ক্ষেত্ৰ অধ্যয়ণ কৰিছিল।
ইয়াৰ পূৰ্বে অঞ্চলটোৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন খানামুখ মিলন সংঘ, খানামুখ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ পৰিচালনা কমিটিৰ কৰ্মকর্তা সকলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক যিফালে দলং নিৰ্মাণ কৰিলে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান খানামুখ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ণৰত কণ কণ ছাত্ৰ - ছাত্ৰী সকলৰ লগতে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ, কমিউনিটি হল আৰু একমাত্ৰ খেলপথাৰখনলৈ অহা যোৱাৰ পথ চমু হয় তেনে সুবিধাজনক স্থানত দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিধায়ক কলিতাই ফুকনৰ পাৰত থকা বিদ্যালয়, খেলপথাৰ, লক্ষ্মী মন্দিৰ আৰু কমিউনিটি হ'ললৈ খানাজানৰ পশ্চিম দিশত থকা কেহেৰুৱাৰীৰ পৰা আহিলে কোনখিনি স্থানৰে চমু আৰু সুবিধাজনক হব তাৰ বিষয়ে বুজ লৈছিল।
সেই অনুসৰি কেহেৰুৱাৰীৰ ৩ নং উপপথৰ সমীপত দলং নিৰ্মাণ হলে বিপৰীত তথা কেহেৰুৱাৰীৰ দিশৰ পৰা কম সময়তে কণ কণ শিশুবোৰৰ লগতে ছাত্ৰ- ছাত্ৰী আৰু ৰাইজে বিদ্যালয়, খেলপথাৰ, লক্ষ্মী মন্দিৰ, কমিউনিটি হ'ল আদিৰ দৰে ৰাজহুৱা অনুষ্ঠানত সহজতে আৰু নিৰাপদে উপস্থিত হ'ব পাৰিব বুলি পৰিদৰ্শনকালত বিধায়ক কলিতাই তেতিয়াই সহমত প্ৰকাশ কৰিছিল। সকলো ঠিকে ঠাকে থাকিলে আৰু বিভাগীয় কাম কাজ খিনি সম্পন্ন হলে ২০২২- ২৩ বৰ্ষত দলং নিৰ্মাণৰ কাম আৰম্ভ হব বুলিও বিধায়ক কলিতাই স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰিছিল। উল্লেখ্য যে খানাজানৰ পূব দিশত ফুকনৰপাৰত অৱস্থিত খানামুখ প্ৰাথমিক বিদ্যালয়ত কেহেৰুবাৰীকে ধৰি গাতে লগা নোৱাপাৰাসহ অঞ্চলটোৰ বেছিভাগ শিশুৱে অধ্যয়ন কৰে। তেনেদৰে বিদ্যালয়ৰ খেলপথাৰখনেই হৈছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ। তেনেদৰে খেলপথাৰৰ লগতে আছে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ আৰু সভা-সমিতি অনুষ্ঠিত হোৱা এটা কমিউনিটি হ'ল বা সামূহিক গৃহ।
কিন্তু দলঙৰ অভাৱত কেহেৰুবাৰী, নোৱাপাৰা অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে একৰ পৰা ডেৰ কিঃমিঃ ঘূৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতি বিপদসংকুলভাবে অহা-যোৱা কৰিব লগা হয়। আনকি বিগত সময়চোৱাত তেনেকৈ অহা-যোৱা কৰা কেবাজনো ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লবলগীয়া হৈছিল। তেনেদৰে একমাত্ৰ খেলপথাৰখন ফুকনৰপাৰত থকা বাবে কেহেৰুবাৰী, নোৱাপাৰা চুবুৰীৰ কণ কণ শিশুকে ধৰি চেমনীয়া সকলৰো খেলা ধূলাত ব্যাঘাট জন্মাৰ লগতে তেওঁলোকৰ অনুশীলনো ব্যাহত হৈছে। কিয়নো অভিভাৱক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰে স্বাভাৱিক কাৰণতেই নিজৰ সন্তানক পঠিয়াবলৈ ভয় কৰে। যাৰ বাবে অঞ্চলটোৰ ৰাইজেও কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মধ্যবৰ্তী স্থান হিচাপে পৰিচিত কেহেৰুবাৰীৰ ২ বা ৩ নং উপপথৰ সন্মুখত বা সমীপত সৰু দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছিল ।
আনকি বিধায়ক কলিতাই বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ৰাইজক পুনৰ বিধায়ক নিৰ্বাচিত হলে ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল। উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে অঞ্চলটোৰ যাতায়তৰ ক্ষেত্ৰত এটা বহুদিনীয়া সমস্যাৰ সমাধান হব বুলি ৰাইজে আশা কৰিছিল। কিন্তু চাৰে তিনি বছৰ উকলি গল আজিলৈকে পকী তথা কংক্ৰীটৰ দলঙৰ কোনো ধৰণৰ কাম আৰম্ভ হোৱা পৰিলক্ষিত নহল। সেয়েহে অঞ্চলটোৰ ৰাইজে বিধায়ক কলিতাক দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈ তৎপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।


No comments