Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মাংগলিক কাৰ্যৰ মাজেৰে লংকেশ্বৰ ধামৰ নৱনিৰ্মিত শ্ৰী শ্ৰী মা লক্ষ্মী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু উদ্ধোধন


গুৱাহাটী , ৫ অক্টোবৰ : গুৱাহাটীৰ ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ  ধামত ভক্তপ্ৰাণ ৰাইজৰ দাবীত আৰু শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ আহ্বান মৰ্মে মন্দিৰৰ সমীপৰ বিৰুবাঁহৰ কৈলাশপুৰৰ বাসিন্দা, তথা বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত যুৱ অভিযন্তা নয়নমনি দাসে ধামৰ নামনিত থকা শ্ৰী শ্ৰী গনেশ মন্দিৰৰ কাষতে  নিৰ্মাণ কৰা শ্ৰী শ্ৰী মা লক্ষ্মী মন্দিৰটোৰ আজি মাংগলিক কাৰ্যৰ মাজৰে প্ৰাণ প্ৰতিষ্ঠা কৰি উদ্ধোধন কৰা হয় । 

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে ধাম পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতাই আৰু উপস্থিত সকলোকে আদৰণি জনায় সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাই । অনুষ্ঠানত  কমিটীৰ উপ সভাপতি দেবেন দাস, সম্পাদক কৃষ্ণ দাস, শঙ্কৰ দাসকে কেবাজনো বক্তাই  কয় যে  লক্ষ্মী মন্দিৰটো উদ্ধোধন  কৰাৰ লগে লগে  লংকেশ্বৰ ধাম চৌহদত মূল শিৱ মন্দিৰৰ উপৰিও শ্ৰী শ্ৰী গণেশ, শ্ৰী শ্ৰী হনুমান, শ্ৰী শ্ৰী শনি মন্দিৰসহ মুঠ পাঁচোটা মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হল। ফলত ভক্তপ্ৰাণ ৰাইজে একেলগে পাঁচোটা মন্দিৰত যাবতীয় পূজা অৰ্চনা, দৰ্শন কৰাটো সম্ভৱ হৈ উঠিব।  

আনহাতে  লক্ষ্মী মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা আৰু শুভ উদ্বোধন কৰে  মন্দিৰ দাতা নয়নমনি দাসৰ পিতৃ দ্বিজেন চন্দ্ৰ দাসে।অনুষ্ঠানত মন্দিৰ দাতা আৰু তেওঁৰ পিতৃক সম্বৰ্ধনা জনোৱা হয়। তাৰ পাছত ১০ বজাৰ পৰা দেৱী প্ৰতিষ্ঠাৰ পূজা আৰম্ভ হয় । তেনেদৰে মন্দিৰ উদ্বোধনৰ লগত সংগতি ৰাখি ১০.৩০ বজাৰ পৰা অনুষ্ঠিত নাম - প্ৰসংগৰ অনুষ্ঠানত লংকেশ্বৰৰ কাষৰীয়া খানামুখৰ প্ৰখ্যাত নামতি দল জ্ঞানমালিনী বিকশিত নামতি দলটোৱে প্ৰায় দুই ঘণ্টাৰো অধিক সময় ধৰি লক্ষ্মী দেৱীৰ নাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । তাৰ পাছত বিয়লি ডেৰ বজাৰ পৰা প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় ।

No comments

Powered by Blogger.