Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম ডনবস্ক' বিশ্ববিদ্যালয়ত কোৱাণ্টাম প্ৰযুক্তিৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ


 
গুৱাহাটী  ১৫ অক্টোবৰ :: ইউনেস্ক’ৰ ঘোষণা অনুসৰি ২০২৫ চনৰ আন্তৰ্জাতিক কোৱাণ্টাম বিজ্ঞান আৰু প্ৰযুক্তি বৰ্ষৰ উপলক্ষত অসম ডনবস্ক' বিশ্ববিদ্যালয়ত কোৱাণ্টাম প্ৰযুক্তি গোটৰ উদ্যোগত কালি  “কোৱাণ্টাম কম্পিউটিং” বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হয় ।  এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ ১১৭ গৰাকী অংশগ্ৰহণকাৰীয়ে অ‘শগ্ৰহণ কৰে । আলোচনা চক্ৰখনত দিল্লীৰ ডি আৰ ডি অ’ৰ বিশিষ্ট বিজ্ঞানী ড০ হৰিশ সাহুয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি কোৱাণ্টাম কম্পিউটিঙৰ মৌলিক দিশ আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত অন্তৰ্দৃষ্টিসম্পন্ন ভাষণ প্ৰদান কৰে । 

তেখেতে ভাষণত কোৱাণ্টাম কম্পিউটিঙৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশ সামৰি বক্তব্য প্ৰদান কৰে ।  অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাৰ আদৰণি ভাষণেৰে আলোচনা চক্ৰখনৰ আৰম্ভণি কৰা হয় । অধ্যাপক কলিতাই গণনা আৰু উদ্ভাৱনৰ ভৱিষ্যত গঢ় দিয়াত কোৱাণ্টাম প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় ।

 অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন বিভাগৰ  সহকাৰী অধ্যাপক ড০ সঞ্জীব কলিতাৰ সমন্বয়ত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত অংশগ্ৰহণকাৰীসকলে ক্যুবিট, ছুপাৰপজিচন, আৰু কোৱাণ্টাম এলগৰিদমৰ দৰে মূল ধাৰণাসমূহ অন্বেষণ কৰিবলৈ সক্ষম হয় ।  বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন বিভাগৰ  সহকাৰী অধ্যাপিকা ড° হেমাশ্ৰী বৰদলৈৰ ধন্যবাদসূচক ভাষণেৰে আলোচনা চক্ৰৰ সামৰণি পৰে । তেওঁ আলোচনা চক্ৰখনৰ লগত জড়িত সমল ব্যক্তি, অংশগ্ৰহণকাৰী, আৰু আয়োজক দলটোক কৃতজ্ঞতা জ্ঞাপন কৰে ।

No comments

Powered by Blogger.