Sunday, October 5, 2025

খানামুখত শ্ৰী শ্ৰীলক্ষ্মী পূজাৰ আয়োজন


গুৱাহাটী ,৫ অক্টোবৰ:  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত বিগত বছৰ সমুহৰ দৰে এইবেলিও অহা ৬ আৰু ৭ অক্টোবৰত দুদিনীয়া  বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৩ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে । পূজাৰ কাৰ্যসূচী সূচাৰুভাৱে সম্পন্ন কৰিবলৈ বিশিষ্ট সমাজকৰ্মী , অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল বৈশ্যক সভাপতি, কেশৱ কলিতাক কাৰ্যকৰী সভাপতি,  কনক চন্দ্ৰ বৈশ্য, কমলা কলিতা,  আৰু  মাণিক কলিতা আৰু ব্ৰজেন দাসক উপ সভাপতি,  ধীৰাজ কলিতা (দুলু), আৰু  ৰতন কলিতাক যুটীয়া সাধাৰণ সম্পাদক ,  অনিল কলিতা, কমল কাকতি, ৰাহুল কলিতা আৰু গৌতম দাসক সম্পাদক মণ্ডলী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি আৰু কেবাখনো উপ-সমিতি গঠন কৰিছে।

 আনহাতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৬ অক্টোবৰত পুৱা ৮ বজাত ধৰ্মধবজা উত্তোলন, ৯.৩০ বজাৰ পৰা গণশিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ,  ১০ বজাৰ পৰা মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হব।  প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক বৰদা কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ৩,০০১ টকা, দ্বিতীয় বিজয়ী দলক অমৃত ঠাকুৰীয়া সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,৫০১ টকা , তৃতীয় বিজয়ী দলক প্ৰভাত কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,০০১ টকা , শ্ৰেষ্ঠ নামতিক আনন্দ মহন্ত সোঁৱৰণি বঁটাসহ নগদ ১,৫০১ টকা প্ৰদান কৰা হব। সন্ধিয়া ৫.৩০  বজাত ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। নিশা ৯.৩০ কামৰূপ জিলাৰ ৰঙিয়াৰ ৰুদ্ৰপ্ৰিয়া ভ্ৰাম্যমাণ নাট্য  দলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হব।

 ৭ অক্টোবৰ দ্বিতীয় তথা শেহৰ দিনা পূৱা ৫ বজাত উষা কীৰ্তন, প্ৰসাদ আৰু  ভোগ বিতৰণ কৰা হব। বিয়লি ৪ বজাৰ পৰা বৃহত্তৰ খানামুখ অঞ্চলৰ আটাইকেইখন খেলৰ আয়তী সকলে সমূহীয়াভাবে নাম - কীৰ্তন পৰিৱেশন কৰিব। আনহাতে পূজা উদযাপন সমিতিৰ হৈ আহ্বায়ক সুশীল বৈশ্য , মন্দিৰ পৰিচালকদ্বয় ধীৰেন কলিতা আৰু দিলীপ কলিতা ( চক্ৰ) ই এটা বিবৃতিত পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

No comments:

Post a Comment