গুৱাহাটী ,২ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ দুৰ্গা মন্দিৰত আয়োজিত তথা শতবৰ্ষ গৰকা শ্ৰী শ্ৰী দুৰ্গাপূজাৰ ঐতিহ্য হৈছে স্থানীয় কলা কুশলীৰ দ্বাৰা নাট প্ৰদৰ্শন। বিগত কেবাবছৰ ধৰি স্থানীয় সংস্কৃতিবান যুৱক , উদীয়মান নাট্যকাৰ ৰাজীব কলিতাই স্থানীয় শিল্পী সকলৰ দ্বাৰা নাট মঞ্চস্থ কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । দুৰ্গা পূজাৰ আয়োজক ধাৰাপুৰ তালুকৰ সহযোগত তেওঁ লিখি গৈছে ইখনৰ পিছত সিখনকৈ নাটক। ৰাজীৱ কলিতাৰ নাটক মানেই থাকে মাটি, প্রকৃতি আৰু সামাজিক দায়বদ্ধতাৰ এখন ছবি। সমাজে লাভ কৰে এক নতুন আৰু ইতিবাচক বাৰ্তা। এইবাৰো তেওঁ "শ্রীকৃষ্ণ এতিয়াও আছে" নাটকৰ মাজেদি সমাজক এক শক্তিশালী বার্তা দিবলৈ সক্ষম হৈছে।
নাটকৰ ভাষ্য অনুসৰি ভগৱানক বিচাৰি যোৱাতকৈ প্রথমে নিজকে বিচাৰিব লাগে আৰু চিনিব লাগে নিজক। তেতিয়া ভগৱানক লাভ কৰাটো সহজ লভ্য হৈ পৰে। লগতে আছে অচিনাকি আৰু বহিৰাগতই আমাৰ বাবে এদিন হৈ পৰিব পাৰে অশনি সংকেত। এইবাৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনা নিশা দুৰ্গা পূজাথলীত সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত অস্থায়ী মঞ্চত নিবেদন কৰা হয় নাটখন । ৰাষ্ট্ৰীয় পৰ্যায়ত নাট প্ৰদৰ্শন কৰা ৰাজীৱ কলিতাৰ নাটখনে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। নাটখনত বৰণ্য কুমাৰ, হিমাংশু শইকীয়া, হিৰকজ্যোতি বৈশ্য, হিৰকজ্যোতি মালী, কমল শর্মা, অজয় দাস, নীলিম আকাশ, প্রজ্ঞান প্রত্যুষ, ৰিংকী বৰ্মন, তৃষ্ণা দাস, ধনেশ্বৰ কলিতা, উৎপল হালৈ, ৰঞ্জন কলিতা আৰু শিশু শিল্পী নিয়ান কাশ্যপৰ অভিনয় আছিল নাটকৰ সফলতাৰ সম্পদ । নাটকখনিৰ সফলতাৰ অন্য এক দিশ সংগীত আৰু পোহৰ। শৰৎ কলিতা আৰু অলিশ্রী বৈশ্যৰ সংগীতে দর্শকক আকৰ্ষণ কৰাত সফল হৈছে। ৰামপুৰৰ লক্ষী কলিতা আৰু হিতেশ কলিতাৰ পোহৰ সুন্দৰ সংযোজন। আকৌ হিৰকজ্যোতি বৈশ্যৰ কৰিঅ'গ্ৰাফী আছিল অনবদ্য।


No comments:
Post a Comment