ডক্টৰেট উপাধি প্ৰদানৰ অপপ্ৰচাৰ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জাননী
গুৱাহাটী , অক্টোবৰ ২৯ : শেহতীয়াকৈ বিভিন্ন সামাজিক মাধ্যমত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰেট উপাধি প্ৰদান সন্দৰ্ভত প্ৰচাৰিত ব্যাপক ভুল তথ্য আৰু অপপ্ৰচাৰৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই এখন বিশেষ জাননীযোগে প্ৰকাশ কৰে যে ডক্টৰেট উপাধি (Doctor of Letters/Doctor of Science, etc.) প্ৰদানৰ প্ৰক্ৰিয়াটো কঠোৰ বিধিসন্মত পদ্ধতি আৰু প্ৰতিটো স্তৰতে যথাযথ ব্যৱস্থাৰে পৰিচালিত হয়।
বিশ্ববিদ্যালয় কর্তৃপক্ষই উল্লেখ কৰে যে ডক্টৰেট উপাধি প্ৰদানৰ প্ৰস্তাৱ প্ৰথমে কাৰ্যবাহী পৰিষদে বিতংভাৱে পৰ্যালোচনা কৰে। পৰিষদৰ অনুমোদনৰ পিছতহে সেই প্ৰস্তাৱটোৰ অনাগত প্ৰক্ৰিয়া আৰম্ভ হয়। পৰৱৰ্তী পৰ্যায়ত প্ৰস্তাৱটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় আচাৰ্য তথা অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয় আৰু তেওঁ সন্মতি প্ৰদানৰ পূৰ্বে প্ৰস্তাৱটো সুচিন্তিতভাৱে পৰ্যালোচনা কৰে। চূড়ান্ত অনুমোদনৰ আগতে বিষয়টো বিশ্ববিদ্যালয় কোৰ্টটো সন্মতিৰ বাবে উপস্থাপন কৰা হয়।
উক্ত বিষয় সম্পৰ্কে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উল্লেখ কৰে যে, “সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰাটো একাধিক বিধিগত পৰ্যায়ত পুংখানুপুংখভাৱে বিবেচনা কৰি লোৱা এক সামূহিক প্ৰতিষ্ঠানিক সিদ্ধান্ত। একপক্ষীয়ভাৱে এনে সন্মান প্ৰদান কৰাৰ কৰ্তৃত্ব কোনো ব্যক্তি বা বিষয়ববীয়াৰ নাই ।”
উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কর্তৃপক্ষই সংবাদ মাধ্যম, শৈক্ষিক সমাজ আৰু জনসাধাৰণক ছ’চিয়েল মিডিয়া বা অন্যান্য প্লেটফৰ্মত প্ৰচাৰিত উৰাবাতৰি বা অসত্য তথ্যৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আহ্বান জনায়।

No comments