"মায়াবিনী" মুক্তি ৰথ জুবিন গাৰ্গ দেৱৰ সোঁৱৰণত সেৱাৰ শুভাৰম্ভ
গুৱাহাটী, ২৮ অক্টোবৰঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱৰ সোঁৱৰণত গুৱাহাটী পৌৰ নিগমৰ সৌজন্যত মঙ্গলবার এক হৃদয়স্পৰ্শী উদ্যোগ গ্ৰহণ কৰা হয়।
ফেডেৰেল বেঙ্ক, পল্টন বজাৰ শাখাৰ সহযোগত আয়োজিত অনুষ্ঠানত অসমৰ গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্রী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ও গুৱাহাটী পৌৰ নিগমৰ মেয়র মৃগেন সরণীযা আজি নশ্বৰ দেহ কঢ়িওৱা বিনামূলীয়া গাড়ী সেৱা ‘মুক্তি ৰথ :: মায়াবিনী’ ৰাইজৰ বাবে উৎসৰ্গা কৰে।
এই সেৱাখনে গুৱাহাটীৰ নাগৰিকৰ বাবে এক দৰ্শনীয় জনসেৱা ৰূপে আগবঢ়ি আহিব। অনুষ্ঠানটো জুবিন গাৰ্গ দেৱৰ অসীম মানবতা, সমাজপ্ৰেম আৰু জীৱনচেতনা প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ৰূপে পৰিগণিত হৈছে।




No comments