গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন
গুৱাহাটী , অক্টোবৰ ১৫: উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱ ২০২৫-২৬ বৰ্ষৰ 'স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন' ১৪ অক্টোবৰ, ২০২৫ তাৰিখে সফলভাৱে সম্পন্ন হয়।
উল্লেখযোগ্য যে এই বৰ্ষৰ সাধাৰণ নিৰ্বাচনত ১৮ টা পদত মুঠ ৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়। বিশ্ববিদ্যালয়ৰ ৬৬৫০ ভোটৰ বিপৰীতে ৩৯৪০ গৰাকী শিক্ষাৰ্থীয়ে ৫৯ শতাংশৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত সভাপতি পদত গুঞ্জন ডেকা, উপ সভাপতি পদত সিদ্ধাৰ্থ শংকৰ হাজৰিকা, সাধাৰণ সম্পাদক পদত প্ৰবাল জ্যোতি শৰ্মা, সহকাৰী সাধাৰণ সম্পাদক পদত বাৰ্বী গগৈ, সহকাৰী সাধাৰণ সম্পাদক ( স্নাতক ) পদত যাদৃশী শৰ্মা, সাহিত্য সম্পাদক পদত জোনাক ফুকন, সুকুমাৰ কলা সম্পাদক ( স্নাতক ) পদত টিংকুমণি কৌশিক, সংগীত সম্পাদক পদত প্ৰীতি মল্লিকা খনিকৰ, সাংস্কৃতিক সম্পাদক পদত পংকজ মেধি, তৰ্ক আৰু আলোচনাচক্ৰ সম্পাদক পদত সিদ্ধাৰ্থ শংকৰ দুৱৰা, গুৰু ক্ৰীড়া সম্পাদক পদত কংকেশ্বৰ বড়ো, লঘূ ক্ৰীড়া সম্পাদক পদত সুদীপ দাস, ক্ৰীড়া সম্পাদক পদত আয়ুস গৌতম , ক্ৰীড়া সম্পাদক ( স্নাতক ) পদত ভূয়সী বৰুৱা, ছাত্ৰ জিৰণী কোঠা পদত উদয়ন নাথ, ছাত্ৰী জিৰণী কোঠা পদত গাৰ্গী পল, শৰীৰ চৰ্চা পদত পূৰ্বা বৰগোহাঁই আৰু সমাজসেৱা পদত চিন্টু থাপাই জয়লাভ কৰে।
গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই নৱনিৰ্বাচিত সমূহ প্ৰাৰ্থীক অভিনন্দন তথা ভৱিষ্যত দিনৰ কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

No comments