গুৱাহাটী, ২৯ অক্টোবৰ: ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন (Border Roads Organisation - BRO) গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয়ত ২৭ অক্টোবৰ পৰা আৰম্ভ হৈছে সতৰ্কতা সজাগতা সপ্তাহ ২০২৫। দেশব্যাপী উদ্যাপিত এই বিশেষ সপ্তাহ অহা ২ নৱেম্বৰত সম্পন্ন হ’ব।
এই উপলক্ষে পূব মণ্ডল মুখ্য কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত উপস্থিত থাকিছিল সংগঠনৰ বিভিন্ন বিষয়া, অভিযন্তা আৰু কৰ্মচাৰীসকল। অনুষ্ঠানত বি আৰ অ’ৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী জিতেন্দ্ৰ প্ৰসাদ, ভি. এছ. এম.-এ উপস্থিত সকলোকে সতৰ্কতা শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণৰ সময়ত সকলোয়ে সততা, নিষ্ঠা আৰু দায়িত্ববোধৰে নিজৰ কৰ্তব্য পালনৰ অঙ্গীকাৰ ব্যক্ত কৰে।
অনুষ্ঠানত শ্ৰী জিতেন্দ্ৰ প্ৰসাদে এক সংক্ষিপ্ত ভাষণত সতৰ্কতা সজাগতা সপ্তাহ উদ্যাপনৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি কয় যে, সমাজ আৰু প্ৰতিষ্ঠানৰ সুৰক্ষিত আৰু সচ্চল ব্যৱস্থাৰ বাবে সকলোৰে সতৰ্ক থাকা অতীব প্ৰয়োজনীয়। তেওঁ সকলো অধিকাৰী আৰু কৰ্মচাৰীক দুৰ্নীতি, অনৈতিক কাৰ্যকলাপ আৰু অসততা আদিৰ পৰা আঁতৰি থাকি নিজৰ কৰ্তব্য সততা আৰু নিষ্ঠাৰে নিৰ্বাহ কৰিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানৰ জৰিয়তে বি আৰ অ’ৰ পূব মণ্ডলত সততা, জবাবদিহিতা আৰু নৈতিক কৰ্মসংস্কৃতিৰ প্ৰতিশ্ৰুতি পুনৰুদ্ঘাটিত কৰা হয়। সতৰ্কতা সজাগতা সপ্তাহৰ অন্তৰ্গত বিভিন্ন সচেতনতা কাৰ্যসূচী, আলোকচিত্র প্ৰতিযোগিতা, আৰু আলোচনাচক্ৰ আদি আয়োজনৰ পরিকল্পনাও কৰা হৈছে।
সত্য, সততা আৰু দায়িত্ববোধৰ আদৰ্শৰ জৰিয়তে সমাজৰ সকলো স্তৰত ন্যায়ভিত্তিক পৰিবেশ গঢ়ি তোলাৰ আহ্বানেই এই সপ্তাহৰ মূল লক্ষ্য বুলি উল্লেখ কৰা হয়।


No comments:
Post a Comment