Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স চৌহদত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন


গুৱাহাটী   ,১১ অক্টোবৰ : গুৱাহাটীৰ জালুকবাৰীস্থিত  টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স চমুকৈ টিছ চৌহদত ১০ অক্টোবৰত  “সেৱাসমূহৰ প্ৰৱেশ : বিপৰ্যয় আৰু জৰুৰীকালীন অৱস্থাত মানসিক স্বাস্থ্য” শীৰ্ষক বিষয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস (WMHD) উদযাপন কৰা হয় । এই দিৱস উদযাপনৰ মূল লক্ষ্য আছিল  সংকট আৰু সংঘাতৰ প্ৰেক্ষাপটত মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত সজাগতা আৰু কথোপকথন গঢ়ি তোলা । অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰাণৰ শিল্পী   জুবিন গাৰ্গক  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।অনুষ্ঠানত ভাগ লৈ চৌহদৰ  পৰিচালক অধ্যাপক জগন্নাথ আম্বাগুদিয়াই কয় যে এই কাৰ্যসূচী স্কুল অৱ ছ’চিয়েল ৱৰ্কৰ ডীন অধ্যাপক কল্পনা সাৰথীৰ নিৰ্দেশনাত গঠন কৰা কেন্দ্ৰ আৰু বিদ্যালয়সমূহৰ মাজেৰে কেইবাটাও অধ্যাপকৰ বিশেষ সমিতিৰ দ্বাৰা আয়োজন কৰা হৈছিল । অনুষ্ঠানত ভাগ লৈ  সম্বোধন কৰি অধ্যাপক সাৰথীয়ে ভাষণ প্ৰসংগত  উদ্বেগ আৰু মানসিক স্বাস্থ্যৰ বোজাৰ সৃষ্টি কৰা মণিপুৰৰ জনগোষ্ঠীয় সংঘাতৰ সম্পৰ্কত মানসিক স্বাস্থ্যৰ সমস্যা সমূহৰ সমাধানৰ জৰুৰীতাক আলোকপাত কৰে ।  টিছ,   গুৱাহাটীয়ে  প্ৰশিক্ষণ , সজাগতা কৰ্মশালা, আলোচনা  চক্ৰৰ জৰিয়তে চৌহদৰ মানসিক স্বাস্থ্য শক্তিশালী কৰাৰ ব্যৱস্থা ঘোষণা কৰে। অনুষ্ঠানত  খুছি নাংগৱানী আৰু অন্যান্য ছাত্ৰ-ছাত্ৰীসকলে শ্বেয়াৰিং চক্ৰ আৰম্ভ কৰাৰ কৌশল দাঙি ধৰে।

No comments

Powered by Blogger.