Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

"প্ৰদূষণমুক্ত দেৱালীৰ বাবে সজাগতা সৃষ্টি: জালুকবাৰী জাতীয় বিদ্যালয়ত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ইক' ক্লাবৰ বিশেষ কাৰ্যসূচী"


 

গুৱাহাটী , ২২ অক্টোবৰ: পোহৰৰ উৎসৱ দেৱালীক প্ৰদূষণমুক্ত আৰু সুৰক্ষিতভাৱে উদযাপনৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে  অলপতে  অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ইক’ ক্লাবে জালুকবাৰী জাতীয় বিদ্যালয়ত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। এই সজাগতামূলক অভিযানত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড'  মালবিকা কলিতা বৰদলৈ, সহকাৰী অধ্যাপক ফৰিদা য়াছমিন, ৰঞ্জন পাটোৱাৰী আৰু গৌতম ঠাকুৰীয়াসহ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে।দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈছিল চিত্ৰাংকন প্ৰতিযোগিতাৰে, য’ত জালুকবাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উৎসৱৰ আনন্দৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাৰ্তাও তুলি ধৰে। ইয়াৰ উপৰিও অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আৰু জালুকবাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লগ লাগি সুন্দৰ ৰংগোলী প্ৰস্তুত কৰে, য'ত 'সেউজীয়া আৰু সুৰক্ষিত দেৱালী'ৰ বাৰ্তা ফুটি উঠে।


কাৰ্যসূচীৰ মূল আকৰ্ষণ আছিল অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নাটখন। এই নাটকৰ মূল বিষয় আছিল "Safe and Eco Friendly Diwali" বা "সুৰক্ষিত আৰু পৰিৱেশ অনুকূল দেৱালী"। নাটকৰ জৰিয়তে ফটকাৰ অপকাৰিতা আৰু প্ৰদূষণমুক্ত দেৱালী উদযাপনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়, যিয়ে দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হয়।
নাটকৰ পিছতেই চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।

No comments

Powered by Blogger.