Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

প্ৰাণ প্ৰতিষ্ঠা আৰু উদ্ধোধন হল লংকেশ্বৰৰ নৱনিৰ্মিত শ্ৰী শ্ৰী মা লক্ষ্মী মন্দিৰৰ


গুৱাহাটী,৫ অক্টোবৰ : গুৱাহাটীৰ  ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ  ধামত ভক্তপ্ৰাণ ৰাইজৰ দাবীত আৰু শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ আহ্বান মৰ্মে মন্দিৰৰ সমীপৰ বিৰুবাঁহৰ কৈলাশপুৰৰ বাসিন্দা, তথা বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত যুৱ অভিযন্তা নয়নমনি দাসে ধামৰ নামনিত থকা শ্ৰী শ্ৰী গনেশ মন্দিৰৰ কাষতে প্ৰায় ৩০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিছে এটা সুন্দৰ শ্ৰী শ্ৰী মা লক্ষ্মী মন্দিৰ। ধাম পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতা আৰু সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাই জানিবলৈ দিয়া মতে লক্ষ্মী মন্দিৰটো নিৰ্মাণ কৰাৰ লগে লগে  লংকেশ্বৰ ধাম চৌহদত মূল শিৱ মন্দিৰৰ উপৰিও শ্ৰী শ্ৰী গণেশ, শ্ৰী শ্ৰী হনুমান, শ্ৰী শ্ৰী শনি মন্দিৰসহ মুঠ পাঁচোটা মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হল। ফলত ভক্তপ্ৰাণ ৰাইজে একেলগে পাঁচোটা মন্দিৰত যাবতীয় পূজা অৰ্চনা, দৰ্শন কৰাটো সম্ভৱ হৈ উঠিব। আনহাতে  অহা ৫ অক্টোবৰত যাবতীয় পূজা অৰ্চনা আৰু মাংগলিক কাৰ্যৰ মাজেৰে নৱনিৰ্মিত শ্ৰী শ্ৰী মা লক্ষ্মী মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা আৰু শুভ উদ্বোধন কৰা হল। ৰবিবাৰ পুৱা ৯ বজাত লক্ষ্মী মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা আৰু শুভ উদ্বোধন কৰে মন্দিৰ দাতা নয়নমনি দাসৰ পিতৃ দ্বিজেন চন্দ্ৰ দাসে। তাৰ পাছত ১০ বজাৰ পৰা দেৱী প্ৰতিষ্ঠাৰ পূজা আৰম্ভ হয় ১০.৩০ বজাত আয়তীৰ নাম - প্ৰসংগ, বিয়লি ১ বজাত পুস্পাঞ্জলী প্ৰদান , ১.৩০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি হয়। ৬ অক্টোবৰ সন্ধিয়া ৭ বজাত মা শ্ৰী লক্ষ্মী দেৱীৰ পূজা আৰম্ভ কৰা হয়। নিশা ৯ বজাত পুস্পাঞ্জলী প্ৰদান, ১০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়।


 

No comments

Powered by Blogger.