Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটীৰ জালুকবাৰীত নাহৰ গছ ৰোপণ।



গুৱাহাটী, ৫ অক্টোবৰ: গুৱাহাটীৰ জালুকবাৰীৰ নাগৰিক আৰু প্ৰথম প্ৰয়াসৰ উদ্যোগত  যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আজি নাহৰ গছ ৰোপণ কৰা হয় ৷ মহান শিল্পী গৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই নাহৰ গছ সমুহ ৰোপন কৰা হয়। নাহৰ গছ ৰোপন কাৰ্য্যসূচীত উপস্থিত থাকে জালুকবাৰী নাগৰিক কমিটিৰ সভাপতি আব্দুল চালামউদ্দিন , কাৰ্যকৰী সভাপতি‌ ৰমেশ বৰা , সাধাৰণ সম্পাদক চাদিক আহমেদ , অধিবক্তা মকবুল হুছেইন আদিকে ধৰি  জালুকবাৰী নাগৰিক কমিটি আৰু প্ৰথম প্ৰয়াসৰ বিষয়ববীয়া, সদস্যকে ধৰি স্থানীয় লোক।

No comments

Powered by Blogger.