Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

পামহী আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন



গুৱাহাটী, ১৬ অক্টোবৰ  : গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোংস্থিত শ্ৰী শ্ৰী কৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত বিগত বছৰৰ দৰে এইবেলিও অহা ৫ নবেম্বৰৰৰ পৰা ১৩ নবেম্বৰলৈ ৯ দিনীয়া  কাৰ্যসূচীৰে ২৬ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কৰা হব। ৰাস মহোৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশিষ্ট সমাজকৰ্মী দীপক চন্দ্ৰ বড়োক (কুলি) সভাপতি ,  উৎপল কুমাৰ দাসক কাৰ্যকৰী সভাপতি , ধীৰাজ টুমুং আৰু পুনাল বড়োক  উপ সভাপতি , বলেশ্বৰ  ৰংপী আৰু জয়ন্ত টুমুংঙক সাধাৰণ সম্পাদক  হিচাপে  লৈ এখন কাৰ্যকৰী সমিতি , কেবাখনো উপ সমিতি গঠন কৰা  হৈছে। 

আনহাতে ৰাস মহোৎসৱৰ আটাইকেইদিনতে পুৱা পূজা আৰম্ভ, বিয়লি গীতা পাঠ আৰু নামতি দলে নাম পৰিৱেশন কৰিব। ইফালে আজি ৰাস মহোৎসৱথলীত আগন্তক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। উপস্থিত ৰাইজৰ বিপুল হৰ্ষধ্বনিৰ মাজত মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে ৰাস মহোৎসব  উদযাপন সমিতিৰ সভাপতি দীপক চন্দ্ৰ বড়োয়ে। 

 এই উপলক্ষে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক বলেশ্বৰ ৰংপীয়ে আঁত ধৰা আঁত ধৰা অনুষ্ঠানত দীপক চন্দ্ৰ বড়োয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মিলনভূমি বৃহত্তৰ গড়চুক, পামহী অঞ্চলত ৰাস মহোৎসৱখনে সম্প্ৰীতিৰ বাণী কঢ়িয়াই আহিছে বুলি সদৰি কৰে। অনুষ্ঠানত উদযাপন সমিতিৰ  কেবাজনো কৰ্মকৰ্তা , শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ পৰিচলনা সমিতিৰ উপ সভাপতি মৰ্মেশ্বৰ বড়ো, পূজাৰী বীৰেন ইংতি আৰু ৰাজেন টুমুংসহ কেবাজনো কৰ্মকৰ্তা,অঞ্চলটোৰ বিভিন্ন দল - সংগঠনৰ প্ৰতিনিধি আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে  ১২ অক্টোবৰত মাংগলিক কাৰ্যৰ মাজেৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উৎপল কুমাৰ দাসে ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি কৰিছিল ।

No comments

Powered by Blogger.