গুৱাহাটী , ৭ অক্টোবৰ: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত বিগত বছৰ সমুহৰ দৰে এইবেলিও ৬ আৰু ৭ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৩ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা উদযাপন কৰা হয়। ৬ অক্টোবৰত পুৱা ধৰ্মধজ্জা উত্তোলনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি কেশৱ কলিতাই আৰু বন্তি প্ৰজ্বলন কৰে উপ সভাপতি কমলা কলিতা আৰু কনক চন্দ্ৰ বৈশ্যই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্য উপদেষ্টা সত্য ভৰালীয়ে । ইয়াৰ উপৰিও অধ্যাপক ডঃ সভাৰাম কলিতা সোঁৱৰণী মুখ্য তোৰণ উদ্ধোধন কৰে তেওঁৰ সহধৰ্মিনী ভৱানী কলিতাই। তাৰ পাছত গণশিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা , খানামুখৰ প্ৰয়াত শিল্পী বদন কলিতা আৰু প্ৰয়াত অধ্যাপক ডঃ সভাৰাম কলিতাক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৬ অক্টোবৰত পূজাথলীৰ অস্থায়ী মঞ্চত অনুষ্ঠিত মহিলাৰ দিহা নাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বিশিষ্ট ব্যৱসায়ী বিমল দাসে।
প্ৰতিযোগিতাত খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে প্ৰথম বিজয়ী দলৰ সন্মান লাভ কৰি বৰদা কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ৩,০০১ টকা, আগছিয়াৰ শ্ৰী বংশী গোপাল নামতি দলে দ্বিতীয় বিজয়ী দলৰ সন্মান লাভ কৰি অমৃত ঠাকুৰীয়া সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,৫০১ টকা আৰু জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ ময়ুৰপংখী নামতি দলে তৃতীয় বিজয়ী দলৰ সন্মান লাভ কৰি প্ৰভাত কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,০০১ টকা লাভ কৰে। তেনেদৰে শ্ৰী শ্ৰী বংশী গোপাল নামতি দলৰ মুখ্য নামতি গীতাঞ্জলি ভূঞাই শ্ৰেষ্ঠ নামতিৰ সন্মান লাভ কৰি আনন্দ মহন্ত সোঁৱৰণি বঁটাসহ নগদ ১,৫০১ টকা লাভ কৰে।
প্ৰতিযোগিতাত বিচাৰক বা উপস্থিত থাকে ক্ৰমে - মিনু বৰ্মন, ক্ষীৰোজ মেধি আৰু মল্লিকা বেজবৰুৱা দাস । প্ৰতিযোগিতাৰ অন্তত বিজয়ী সকলক বঁটা সমুহ বিতৰণ কৰা হয়। সন্ধিয়া ৫.৩০ বজাত প্ৰতিমা আৰু ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। নিশা ৯.৩০ বজাৰ কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ ডিমুৰ ৰুদ্ৰপ্ৰিয়া ভ্ৰাম্যমাণ নাট্য দলটোৱে নাট মঞ্চস্থ কৰে । ৭ অক্টোবৰ দ্বিতীয় তথা শেহৰ দিনা পুৱা উষা কীৰ্তন, প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। বিয়লি ৪ বজাৰ পৰা সন্ধিয়ালৈ বৃহত্তৰ খানামুখ অঞ্চলৰ আটাইকেইখন খেলৰ আয়তী সকলে সমূহীয়াভাবে নাম - কীৰ্তন পৰিৱেশন কৰে। তাৰ পাছত সমূহীয়া চাহ মেল আৰু অন্তৰংগ আলাপ অনুষ্ঠানৰে নিশা এইবেলিৰ দুদিনীয়া লক্ষ্মী দেৱীৰ পূজাৰ কাৰ্যসূচীৰ সামৰণি পৰে।


No comments:
Post a Comment